Janata Bhawan employee arrested:
ADVERTISEMENT
লোভেই পাপ ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এগৰাকী ঘোচখোৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ৷ ৰাতুল ডেকা নামৰ অসম সচিবালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে চিএম ভিজিলেঞ্চৰ নামত এজন লোকৰ পৰা দাবী কৰিছিল ২ লাখ ২৫ হাজাৰ টকা ৷
দাবী কৰা অনুসৰি ৰাতুল ডেকাই আজি বিয়লি ভাগত সেই ধন নিবলৈ আহোতেই হাতে-লোটে ধৰিলে দিছপুৰ আৰক্ষী আৰু ৰাইজে। ধৃত কৰ্মজনৰ ঘৰ ডিমৌত ৷ইতিমধ্যে ধৃত ডেকাক দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷






























