Kahilipara Incident:
কোনে দিশে গতি কৰিছে মহানগৰীৰ সমাজ জীৱন ৷ শহুৰেকৰ ওচৰত সুৰক্ষিত নহয় বোৱাৰী ৷ মানৱীয়তাৰ চৰম স্খলনৰ প্ৰতিচ্ছবি এখন দেখা গ’ল মহানগৰীৰ কাহিলীপাৰাৰ হিৰিম্বাপুৰত। ভূৱনেশ্বৰ বৰুৱা নামৰ ষাঠিৰ উৰ্ধৰ ব্যক্তিৰ এজনৰ বিৰুদ্ধে নিজ বোৱাৰী আৰু স্থানীয় লোকে উদ্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷
কাহিলীপাৰাৰ হিৰিম্বাপুৰত বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাৰ সূত্ৰপাত ভূৱনেশ্বৰ বৰুৱা নামৰ ষাঠিৰ উৰ্ধৰ ব্যক্তিজনক লৈ ৷ নিজৰ বিধৱা বোৱাৰী সবিতা ডেকা আৰু দুই নাতি- নাতিনীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে শহুৰ ভূৱনেশ্বৰ বৰুৱা ৷ দুই সন্তানক লৈ পুৱাৰে পৰা নিশালৈ সবিতা ডেকা থাকিল বাহিৰত বাহিৰত ৷ পিছত এই কথা স্থানীয় লোকে গম পাই দুৱাৰ খুলিবলৈ বাৰম্বাৰ কোৱাত ৰাইজৰ সহযোগত বোৱাৰী গৰাকীয়ে তলা ভাঙি ঘৰত প্ৰৱেশ কৰে ৷আনহাতে উত্তেজিত হৈ ভূৱনেশ্বৰ বৰুৱা বোৱাৰীক আৰু ৰাইজক আক্ৰমণ কৰিবলৈ খেদি আহে যদিও ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি থমকি ৰয় ৷ পিছত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ খবৰ পাই ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় ভূৱনেশ্বৰ বৰুৱা নামৰ ষাঠিৰ উৰ্ধৰ ব্যক্তিজনক ৷
আনহাতে ,শহুৰেকৰ দ্বাৰা নিৰ্যাতিত বোৱাৰী সবিতা ডেকাই ঘটনা সন্দৰ্ভত সদৰি কৰা মতে,পোন্ধৰ দিন পূৰ্বে স্বামী বিয়োগ হোৱাত তেওঁৰ প্ৰয়াত স্বামীৰ সকাম কৰিবৰ বাবে বাইহাটা চাৰিআলিলৈ গৈছিল ৷ সকামৰ সকলো কামকাজ সম্পন্ন কৰি নিজৰ গুৱাহাটী বাসগৃহলৈ উভতি আহি দেখে যে তেওঁৰ ঘৰৰ তলা ভাঙি শহুৰেকে দখল কৰিছে ৷
তেওঁৰ স্বামীৰ মৃত্যুৰ পিছতে শহুৰেকে বাইহাটাৰ পৰা আহি কাহিলীপাৰাৰ এই ঘৰটোত মাজে সময়ে আহি থাকিছিল যদিও এইবাৰে স্থায়ীভাৱে আহি ঘৰটোকে দখল কৰি মোক আৰু সন্তানদ্বয়ৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। বুধবাৰে মই ঘৰৰ চাবি খোজাত শহুৰ দেউতাই চাবি দিব নোৱাৰো বুলি কৈ মোক দাবি ধমকি দি খেদি দি কয়, এই ঘৰত কোনো অধিকাৰ তোৰ আৰু সন্তানৰ নাই ৷ বাহিৰ হৈ যা ঘৰৰ পৰা,দুনাই নাহিবি ইয়ালৈ ৷ মোৰ অনুপস্থিতিত ঘৰটোত এগৰাকী মহিলাক লৈ শহুৰ দেউতাই বুধবাৰৰ পৰাই আছেহি ৷
বোৱাৰী গৰাকীয়ে আৰু কয় যে,বৃহস্পতিবাৰে পুৱাৰে পৰা ঘৰৰ সন্মুখত অৱস্থান কৰি এই সন্দৰ্ভত দিছপুৰ থানা আৰু ওদালবাক্ৰা আৰক্ষী থানাত গোচৰ দিছিলো যদিও সংশ্লিষ্ট দুয়োখন আৰক্ষী থানাই গোচৰ নললে। পিছত স্থানীয় লোকৰ দ্বাৰস্থ হোৱাত সন্ধিয়া ৰাইজ সদলবলে ওলাই আহে মোক সহায় কৰিবলৈ ৷ ৰাইজে ঘৰৰ গ্ৰীল আৰু দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে ৷ কিন্ত শহুৰ ভূৱনেশ্বৰ ডেকাই ৰাইজকো আক্ৰমণ কৰে ৷ এনে পৰিস্থিতিৰ মাজতে ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ তেওঁক আটক কৰি লৈ যায় ৷






























