ওদালগুৰি জিলাৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

IMG 20250906 205639

Udalguri:✒️সমাগত পঞ্চম বিটিচি নিৰ্বাচনৰ আজি আছিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। আজি অন্তিমটো দিনত ওদালগুৰি জিলাৰ তিনিটা সমষ্টিৰ পৰা এগৰাকীকৈ মুঠ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে।

তেওঁলোক ক্ৰমে ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী খগেন ৰাভা, ৩২ নম্বৰ ভেৰগাওঁ পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জীৱন ৰাভা আৰু ৩৮ নম্বৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গাণ্ডা খুংগুৰ বসুমতাৰী।

উল্লেখ্য যে গাণ্ডা খুংগুৰ বসুমতাৰী আছিল ভৈৰৱকুণ্ড সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী। কিন্তু সমষ্টিটোৰ পৰা টিকট লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেখেতে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল।

আজি জিলাখনৰ তিনিটা পৰিষদীয় সমষ্টিৰ পৰা তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ অন্তত জিলাখনৰ ১০ টা পৰিষদীয় সমষ্টিৰ পৰা মুঠ ৬৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিছে।

 

Exit mobile version