Russia:✒️শুল্ক সন্ত্রাসৰে বিশ্বজুৰি অস্থিৰতাৰ সৃষ্টি কৰা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰত-চীন আৰু ৰাছিয়াক সামৰি শুকুৰবাৰে কৰা এক ইংগিতপূর্ণ মন্তব্যই ব্যাপক চর্চা লাভ কৰিছে।
অৱশ্যে ট্রাম্পৰ এই ইংগিতপূর্ণ মন্তব্য সম্পর্কত বাতৰি লিখা পৰলৈ নতুন দিল্লীয়ে প্রতিক্রিয়া প্রকাশ কৰা নাই। নিজৰ সামাজিক মাধ্যম ‘ট্রুথ ছ’চিয়েল’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কছ ৰাষ্ট্ৰপতি ভাডিমীৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ এখন যুগ্ম ফটো শ্বেয়াৰ কৰি ট্রাম্পে কয়, ‘আমি চীনৰ সুগভীৰ, ঘনঘোৰ আন্ধাৰত ভাৰত আৰু ৰাছিয়াক হেৰুওৱা যেন লাগিছে। তেওঁলোকে একেলগে এক দীঘলীয়া আৰু সমৃদ্ধিশালী ভবিষ্যৎ পাওক।’
ট্রাম্পে এই মন্তব্যৰ জৰিয়তে কি ইংগিত কৰিলে সেয়া স্পষ্ট হোৱা নাই। তেওঁ এই তিনি দেশক প্রশংসা কৰিলে নে ইতিকিং কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত আছে। বহুতে সামাজিক মাধ্যমত তেওঁৰ এই মন্তব্যৰ বিভিন্ন ব্যাখ্যা কৰিছে। ট্রাম্পে কালি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মোদী-জি জিনপিং আৰু পুটিনৰ এই যুগ্ম ফটো তিনিওৱে চীনৰ টিয়ানজিনত শেহতীয়াকৈ অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ সন্মিলনত অংশগ্রহণ কৰাৰ সময়ত তোলা।
ট্রাম্পৰ এই মন্তব্যৰ দ্বিতীয়টো শাৰী অর্থাৎ ‘তেওঁলোকে এক দীঘলীয়া আৰু সমৃদ্ধিশালী ভবিষ্যৎ পাওক’-টোৱে বহুতৰে মনত অধিক কৌতূহলৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ট্রাম্পে একপক্ষীয়ভাবে ভাৰতকে ধৰি বিভিন্ন দেশৰ বিৰুদ্ধে আৰম্ভ কৰা শুল্ক যুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰে এই দেশসমূহৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হৈছে।
এনে অৱস্থাতে সম্প্ৰতি তেওঁ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক আক্ৰমণ কৰি সামাজিক মাধ্যমত এটা প’ষ্ট দিয়ে। এই প’ষ্টত তেওঁ অভিযোগ উত্থাপন কৰে যে চীনা ৰাষ্ট্ৰপতিজনে কছ বাষ্ট্রপতি পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কীম জং উনৰ স’তে মিলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে ষড়যন্ত্ৰ কৰিছে।
পুটিন আৰু কীমে অলপতে চীনে আয়োজন কৰা দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ ৮০ বছৰীয়া সোঁৱৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে। লক্ষ্যণীয়ভাৱে ভাৰতে পূৰ্বৰ সংঘাত পাহৰি চীনৰ স’তে ব্যৱধান হ্রাস কৰাটোকো ট্রাম্প প্রশাসনে সহজভাবে লোৱা নাই। একেদৰে ভাৰত-ৰাছিয়াৰ মাজত সম্পর্ক অধিক মধুৰ হ’বলৈ ধৰাটোকো মার্কিন প্রশাসনে সমালোচনাৰ দৃষ্টি দিছে।
ইয়াৰ আভাস অলপতে ট্রাম্পৰ শীৰ্ষ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰোৱে কৰা এক মন্তব্যত স্পষ্ট হয়। মোদী-পুটিন-জিনপিঙৰ মোদী-পুটিন-জিনপিঙৰ মাজৰ সৌহার্দ্য সম্পৰ্কক ট্রাম্পৰ মুখ্য উপদেষ্টাজনে সমস্যাবহুল বুলি আখ্যা দিয়ে।
তেওঁ কয়, ‘মোদী ৰাছিয়াৰ স’তে নহয়, ৱাশিংটন, ইউৰোপ আৰু ইউক্রেইনৰ স’তে থকাৰ প্ৰয়োজন।’ আনহাতে, কালি ট্রাম্পে কৰা ইংগিতপূর্ণ মন্তব্য সম্পর্কত প্রতিক্রিয়া প্রকাশৰ পৰা বিৰত আছে ভাৰত চৰকাৰ। এই সম্পৰ্কত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয়, ‘আমি দেখা পাইছো যে নাভাৰোৱে অশুদ্ধ আৰু বিপথে পৰিচালনাকাৰী বিবৃতি দিছে। আমি স্পষ্টভাবে এইসমূহ নাকচ কৰিছো। তদুপৰি নতুন দিল্লীয়ে ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কক ন্যায়সংগত নহয় আৰু অযুক্তিকৰ বুলি আখ্যা দি আহিছে।
উল্লেখ্য যে বাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ ক্ষোভত ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত মাত্রাধিক শুল্ক আৰোপ কৰিছে যদিও ভাৰততকৈ চীনেহে ৰাছিয়াৰ পৰা অধিক খাৰুৱা তেল ক্ৰয় কৰি আহিছে। এনে অৱস্থাতো চীনক শুল্কৰ ক্ষেত্ৰত ট্রাম্পে বেহাই দিছে। অৱশ্যে একাংশই মোদী আৰু ট্রাম্পৰ মাজত পুনৰ বুজাবুজি হোৱাৰ আশা একাংশই বর্তমানেও ত্যাগ কৰা নাই।






























