দিল্লীৰ লালকিল্লাৰ চৌহদত চলি আছে জৈনসকলৰ এক ধৰ্মীয় উৎসৱ। আগন্তুক ১০ দিন ধৰি চলিব এই মহোৎসৱ। উৎসৱৰ চলাৰ অৱস্থাতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।উৎসৱৰ সময়তে চুৰি হ’ল কেবা কোটি টকীয়া সামগ্ৰী ।
এই ঘটনাৰ পাছতে সৃষ্টি হয় আতংকৰ । আৰক্ষীয়ে চোৰৰ সন্ধান অব্যাহত ৰাখিছে।আৰক্ষী সূত্ৰৰ অনুসৰি, চিচিটিভিৰ ফুটেজত দেখা গৈছে অভিযুক্তক ।
বগা কাপোৰ পিন্ধি তেওঁ উৎসৱলৈ অহা অতিথিৰ ভিৰৰ মাজত সোমাই পৰে। আৰু ভিৰৰ সুবিধা লৈ সোণৰ কলহটো চুৰি কৰে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে তথ্য লাভ কৰে যে,চুৰি হোৱা কলহটোৰ মূল্য প্ৰায় এক কোটি টকাতকৈও অধিক।
কেৱল কলহটোৱেই নহয়, এটা সোণৰ নাৰিকল আৰু ৭৬০ গ্ৰাম মূল্যৰ আন কেবাটাও সোণৰ সামগ্ৰী চুৰি কৰে । হীৰা, ৰুবি আৰু পান্নাৰে ঢাকি থোৱা সোণৰ কলহটো এজন ব্যৱসায়ীৰ আছিল।
উৎসৱ উপলক্ষে তেওঁ সেই সকলোবোৰ মূল্যৱান সামগ্ৰী প্ৰতিদিনে তেওঁ সোণৰ কলহ এটাত লৈ আহিছিল।
মহোৎসৱ সমিতিয়ে আৰক্ষীক দাবী কৰিছে যে চুৰি হোৱা সামগ্ৰীসমূহৰ আনুমানিক মূল্য ১.৫ কোটি টকাতকৈও অধিক ।
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পৰিছে যে, অনুষ্ঠানৰ আয়োজকসকল যেতিয়া অতিথিসকলক অপ্ৰ্যায়ন দিয়াত ব্যস্ত হৈ আছিল সেই সময়তে এই ঘটনা সংঘটিত হৈছে।
তথ্য অনুসৰি, বুধবাৰে এই মূল্যবান সামগ্ৰীখিনি চুৰি হয়। আৰক্ষী সূত্ৰই জনোৱা মতে, চিচিটিভিৰ ফুটেজত অভিযুক্তক ঘৰত প্ৰৱেশ কৰা দেখা গৈছে। সেই ফুটেজৰ ভিত্তিত চোৰৰ সন্ধান চলোৱা হৈছে।






























