Mexico:✒️মেক্সিকোৰ চিহুৱাহুৱা মৰুভূমিৰ কেন্দ্ৰস্থলত অৱস্থিত এক ৰহস্যময় স্থান ‘জ’ন অৱ ছাইলেন্স’ নামেৰে পৰিচিত। এই অঞ্চলত উপস্থিত হ’লেই অতি ৰহস্যজনকভাবে সকলো ধৰণৰ ইলেক্ট্ৰ’নিক ডিভাইচ স্বয়ংক্রিয়ভাবে অচল হৈ পৰে। সেইবোৰে কাম কৰা বন্ধ কৰে। জনবহুল অঞ্চলৰ পৰা ‘জ’ন অফ ছাইলেন্স’ মাত্র ২৫ মাইল দূৰত অৱস্থিত।
২৫ কিলোমিটাৰ দূৰত্বৰ সেই স্থানত সকলো ডিভাইচে স্বাভাৱিকভাৱে কাম কৰে; কিন্তু সেই নির্জন মৰুভূমিত উপস্থিত হোৱাৰ লগে লগে পর্যটকসকল সমগ্ৰ বিশ্বৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ব্যাপক গবেষণা সত্ত্বেও বিজ্ঞানীসকলে এতিয়াও ব্যাখ্যা কৰিব পৰা নাই যে কিয় সেই স্থানত ৰেডিঅ’ ফ্রিকুৱেন্সী তথা বৈদ্যুতিন সৰঞ্জামে কাম কৰাত ব্যর্থ হয়।
১৯৭০ত সেই মৰুভূমিত আমেৰিকাৰ এটা ক্ষেপণাস্ত্র অবর্ণনীয়ভাবে বিধ্বস্ত হোৱাৰ পাছৰে পৰা ‘জ’ন অৱ ছাইলেন্স’ক লৈ গৱেষণা আৰম্ভ হয়। তদন্তৰ বাবে প্ৰেৰণ কৰা মার্কিন বিমান বাহিনীৰ এটা দলে দেখা পায় যে কেবল জিপিএছ ডিভাইচেই নহয়, সকলো বৈদ্যুতিন সৰঞ্জামে কাম কৰা বন্ধ কৰিছে। টিভি ছিগনেল, ৰেডিঅ’ তৰংগ, শ্বর্টরেভ তথা ছেটেলাইট ট্রেন্সমিচনে অঞ্চলটো ভেদ কৰিব নোৱাৰিলে, যাৰ ফলত দলটোৱে ইঞ্চলটোৰ নামকৰণ কৰে ‘জ’ন অৱ ছাইলেন্স’।
এই মৰুভূমি দীর্ঘদিনৰ পৰাই নিজৰ অনন্য বৈশিষ্ট্যৰ কাৰণে ‘ডার্ক জ’ন’ নামত শ্রেণীবদ্ধ হৈ আছে। টেলিভিচন, ৰেডিঅ’, শ্বর্টরেভ তথা উপগ্ৰহৰ পৰা অহা সংকেতবোৰে এই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে। যাৰ ফলত সকলো ইলেক্ট্র’নিক ডিভাইচ অচল হৈ পৰে। কে’বা দশকৰ গৱেষণা সত্ত্বেও এই ঘটনাৰ সঠিক কাৰণ বিজ্ঞানীসকলে এতিয়াও বিচাৰি উলিয়াব পৰা নাই।
আমেৰিকাৰ তদন্তৰ পাছত মেক্সিকোৰ চৰকাৰেও চিহুৱাহুৱা মৰুভূমিত এক বৃহৎ আকাৰৰ পৰীক্ষাগাৰ স্থান পৰে, যি কেৱল ‘দ্য জ’ন’ নামেৰে পৰিচিত। এই পৰীক্ষাগাৰটো মৰুভূমিৰ অনন্য বৈশিষ্ট্য, যাক ইয়াৰ গছ-গছনি আৰু পোক-পৰুৱাৰ জীৱন অধ্যয়নৰ বাবে স্থাপন কৰা হৈছিল।
সন্দেহ কৰা হয় যে সংকেতৰ অনুপস্থিতিৰ সুযোগ লৈ মেক্সিকোৰ চৰকাৰে ইয়াত গোপন গৱেষণাও পৰিচালনা কৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ‘জ’ন অৱ ছাইলেন্স’ৰ চৌম্বকীয় বৈশিষ্ট্য আছে, যি ইলেক্ট্র’নিক ডিভাইচৰ ব্যৰ্থ হোৱাৰ কাৰণ ব্যাখ্যা কৰিব পাৰে।
যদিও এই বৈশিষ্ট্যসমূহৰ উৎপত্তি এতিয়াও এক ৰহস্য হৈ আছে। গৱেষণাই ইংগিত দিয়ে যে লাখ লাখ বছৰৰ পূৰ্বে এই অঞ্চলটো থেটিছ সাগ নামে পৰিচিত এখন সাগৰ আছিল।
ধাৰণা কৰা হয় যে মৰুভূমিৰ বৰ্তমানৰ পৃষ্ঠ এটা সময়ত এই প্রাচীন সমুদ্ৰতলিৰ অংশ আছিল।স্থানীয় বাসিন্দাসকলে দাবী কৰে যে মৰুভূমিখন অতিপ্রাকৃতিক শক্তি বা ভিনগ্রহী প্ৰাণীৰ আবাসস্থল।
তেওঁলোকে আকাশত অস্বাভাৱিক পোহৰ আৰু স্বতঃস্ফূর্তভাৱে জ্বলি থকা গছ-গছনি দেখা বুলিও দাবী কৰিছে। আনকি অঞ্চলটো পৰিদৰ্শনকাৰী এজন টিভি কর্মীয়ে জনাইছে যে একাংশ ৰহস্যময় ব্যক্তিত্বই তেওঁলোকক পথ দেখুৱাইছিল, যিসকলৰ মুখ ঢকা আছিল আৰু পৰিধানত আছিল দীঘল ৰেইনকোটৰ দৰে পোছাক।
‘জ’ন অৱ ছাইলেন্স’ অঞ্চলটো বিজ্ঞানী, গৱেষক তথা ৰোমাঞ্চপ্রেমীসকলৰ সকলোকেই আকর্ষিত কৰি আহিছে। ই বিশ্বৰ সবাতোকৈ ৰহস্যময় তথা ব্যাখ্যাতীত অঞ্চলসমূহৰ অন্যতম।






























