Tesla:✒️বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কৰ মালিকানাধীন মার্কিন বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাৰ গাড়ীৰ ডেলিভাৰী প্ৰক্ৰিয়া ভাৰতত শুকুৰবাৰে পৰা আৰম্ভ হ’ল।
শুকুৰবাৰে মুম্বাইৰ বান্দ্রা কুর্লা কমপ্লেক্সত থকা টেছলাৰ ভাৰতৰ প্ৰথমটো শ্ব’ৰূমে গাড়ীৰ ডেলিভাৰী আৰম্ভ কৰিলে।
টেছলাৰ প্রথমখন এছইউভি মডেল বাই গাড়ী শ্ব’ৰূমটোৱে কালি আনুষ্ঠানিকভাবে মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সৰনাইকক অর্পণ কৰে। মুম্বাইত টেছলাই শ্ব’ৰূম মুকলি কৰাৰ পাছতে মডেল ৱাইৰ টেছলাৰ গাড়ী বুক কৰিছিল মন্ত্ৰী সৰনাইকে।
টেছলাৰ পৰা গাড়ীখন গ্ৰহণ কৰি মন্ত্ৰীজনে এইদৰে ক’লে, ‘মই বিচাৰো শিশুসকলে এই ধৰণৰ গাড়ী প্রত্যক্ষ কৰক আৰু বিকল্প বাহনৰ গুৰুত্ব অনুভৱ কৰক। মই এই গাড়ীখন মোৰ নাতিক উপহাৰ দিম।’
সৰনাইকে লগতে কয় যে বৈদ্যুতিক বাহনক ভাৰতত উৎসাহিত কৰাৰ প্রয়োজন আছে। টেছলাৰ মডেল ৱাই গাড়ীৰ মূল্য ভাৰতত ৬০ লাখ টকাৰ পৰা আৰম্ভ হৈছে।






























