Shilpa Shetty:✒️মুম্বাই আৰক্ষীয়ে ৬০ কোটি টকাৰ প্ৰৱঞ্চনাৰ এক গোচৰত বলিউড অভিনেত্রী শিল্পা শেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ‘লুকআউট’ জাননী জাৰি কৰিলে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি, শিল্পা আৰু ৰাজে সঘনে বিদেশ যাত্ৰা কৰি অহাৰ কাৰণত এই ক্ষেপ মুম্বাই আৰক্ষীয়ে গ্ৰহণ কৰিলে।
কোনো বাধা অবিহনে যাতে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰৰ তদন্ত সম্পন্ন কৰিব পাৰি, সেই লক্ষ্যৰে মুম্বাই আৰক্ষীয়ে এই ‘লুকআউট’ জাননী জাৰি কৰিলে।
ব্যৱসায়ী দীপক কোঠাৰীয়ে যোৱা ১৪ আগষ্টত শিল্পা আৰু ৰাজৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বিত্তীয় অপৰাধ শাখা (ইঅ’ডব্লিউ)ত ৬০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগৰে এক গোচৰ তৰিছিল।
দীপকে দাবী কৰিছিল যে ২০১৫-২০২৩ৰ সময়ছোৱাত তেওঁ ব্যৱসায় বৃদ্ধিৰ বাবে শিল্পা আৰু ৰাজক মুঠ ৬০.৪৮ কোটি টকা আদায় দিছিল, কিন্তু এই ধন শিল্পা আৰু ৰাজে আত্মসাৎ কৰিছিল। এই অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।






























