AASA Protest in Naginijan:২০ শতাংশ ব’নাছ প্ৰদানৰ দাবীত নাগিনীজান চাহ বাগিচাত আছাৰ তীব্র প্রতিবাদ

সংঘাত তীব্ৰতৰ : ৮.৩৩ শতাংশ ব'নাছ কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ

aasa protest

AASA Protest in Naginijan:

দুর্গা পূজাৰ ব’নাছক কেন্দ্র কৰি মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত মালিক পক্ষ আৰু শ্রমিকৰ সংঘাত তীব্রতৰ হৈ উঠিছে। মালিক পক্ষৰ ৮.৮ শতাংশ ব’নাছক পোনছাটে নাকচ কৰি কালি আদিবাসী ছাত্র সন্থা (আছা)ৰ নেতৃত্বত বাগিচাখনৰ শ্ৰমিকসকলে কার্যালয়ৰ সম্মুখত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে পূৰ্বৰ অসম চাহ নিগম লিমিটেডৰ অধীনস্থ বর্তমান নাগিনীজান চাহ বাগিচাখন জালিংগা টি কোম্পানী প্রাইভেট লিমিটেডে লীজত লৈ চলাই আছে। বাগিচাখনত ইতিপূর্বে বন্ধ হৈ যোৱা কলঘৰো পুনৰুজ্জীৱিত ক্ৰা হৈছে কিন্তু তাৰ বিপৰীতে শ্ৰমিকসকলে প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে। দিনে দিনে শ্রমিকসকলৰ সমস্যাসমূহ বৃদ্ধি পোৱাৰহে অভিযোগ উঠিছে। এইবাৰ যোৱা তিনি ছেপ্টেম্বৰত মালিক পক্ষই শ্রমিকক ৮.৩৩ শতাংশ অর্থাৎ সর্বনিম্ন ব’নাছ প্ৰদানৰ ঘোষণা কৰে। ইয়াৰ লগে লগে জাঙুৰ খাই উঠে শ্রমিকসকল। দুর্গা পূজাৰ পূৰ্বে চাহ বাগিচাসমূহত ব’নাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰম্পৰা পুনৰ আৰম্ভ হয়। আছাৰ নাগিনীজান প্রাথমিক গোটে বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। আছাৰ নেতৃত্বত বাগিচাখনৰ শ্ৰমিকসকলে সমবেত হৈ বাগিচা কৰ্তৃপক্ষৰ এনে অবিবেচকী সিদ্ধান্তৰ প্ৰতিবাদ জনাই কোনো কাৰণতে সেয়া মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। মালিক কর্তৃপক্ষৰ বিৰুদ্ধে প্রতিবাদ জনাই আজি আছাৰ নাগিনীজান প্রাথমিক গোটে পৰিচালকক এখন স্মাৰকপত্ৰ প্ৰদান কৰি কোনোপধ্যে ৮.৩৩ শতাংশ ব’নাছ মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। আছাৰ প্রাথমিক গোটৰ সভাপতি লতিফ নায়ক আৰু সাধাৰণ সম্পাদক বিকী ৰায়ে স্মাৰকপত্ৰত ২০ শতাংশ ব’নাছ প্ৰদানৰ দাবী জনাই কয় যে বাগিচাখনৰ মালিকপক্ষই চাহ শ্ৰমিকসকলৰ মজুৰি, কৰ্মচাৰীৰ দৰমহা, সময়মতে দিব পৰা নাই। তদুপৰি বেছন, খৰি, পানী আদিৰ লগতে আন আন সুবিধাসমূহৰ পৰাও শ্রমিকসকল বঞ্চিত হৈ ৰৈছে। তাৰ পাছতো শ্রমিকসকলে কামত হেমাহি নকৰি নিজৰ কাম ঠিকমতে কৰি গৈছে। কিন্তু দুর্গা পূজাৰ দৰে বাগিচা অঞ্চলৰ এক বৃহৎ উৎসৱত তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব। ২০ শতাংশ বোনাচ শীঘ্ৰে প্ৰদানৰ দাবী জনাই আছাৰ নেতা দুজনে অন্যথাই কাইলৈৰ পৰা কর্তৃপক্ষ আৰু মালিক পক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাবে আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে। উল্লেখ্য যে যোৱা এক ছেপ্টেম্বৰত যোৰহাট শাখা অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ স’তে জালিংগা টি কোম্পানী আৰু অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ আৰু বাগিচা প্রাথমিক গোটৰ প্ৰতিনিধিৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জালিংগা কোম্পানীয়ে বৃহৎ আর্থিক লোকচানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মাত্র ৮.৩৩ শতাংশহে ব’নাছ প্রদান কৰিব পাৰিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি উল্লিখিত পৰ্মিাণৰ ব’নাছ ঘোষণা কৰাত শ্রমিকসকলৰ লগতে আছাই ইয়াৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয়। ইপিনে, ইয়াৰ ফলত যিকোনো অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে বাগিচা কর্তৃপক্ষক আছাই সকীয়াই দিছে।

 

Exit mobile version