Assam Seed Corporation scam:
অসম চৰকাৰৰ অধীনস্থ অসম বীজ নিগমত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ চাৰি কোটি টকীয়া এই কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে চিআইডিৰ ৰজু হোৱা গোচৰমৰ্মে শুকুৰবাৰে সোধপোছৰ বাবে তলৱ কৰা হৈছিল তিনিগৰাকীকৈ বিষয়া ৷ সেই অনুসৰি তিনি বিষয়া ক্ৰমে দেবাশিস সেন গুপ্তা,প্রিয়ংকা হাজৰিকা আৰু আল্পনা বড়োৱে চিআইডি হেডকোৱাৰ্টাৰত উপস্থিত হৈ চিআইডি বিষয়াৰ জেৰাৰ সন্মুখীন হয় ৷
আনহাতে চিআইডিয়ে শনিবাৰে সোধপোছৰ বাবে বীজ নিগমৰ মহাপ্ৰবন্ধক সহ আন দুই বিষয়াক তলব কৰে। বিষয়া কেই গৰাকী হ’ল বিত্ত বিভাগৰ মহাপ্ৰবন্ধক নৱনীত শইকীয়া আৰু কেচিয়াৰ ললিত চন্দ্র দাস৷ একেদৰে ৭ ছেপ্তেম্বৰত চিআইডি কাৰ্যালয়লৈ তলব কৰে অসম বীজ নিগমৰ মহা প্ৰবন্ধক ড: নন্দী ৰায়ক ৷
উল্লেখ্য যে,অসম বীজ নিগম একাংশ বিষয়া- কৰ্মচাৰীৰ বাবে লুণ্ঠনৰ খনি হৈ পৰিছে ৷ ইতিমধ্যে সংঘটিত হোৱা ৪ কোটি টকীয়া বিয়াগোম কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীৰ চিআইডি বিভাগে কঠোৰস্থিতি গ্ৰহণ কৰিছে ৷ চিআইডিৰ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এই কেলেংকাৰী পুথি -খলিহনাৰ পৰা পৰা আৰম্ভ কৰি ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে ৷ চিআইডিৰ হাতত পৰিছে বিয়োগোম কেলেংকাৰী কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ চিআইডি হেডকোৱাৰ্টাৰলৈ তলব কৰা সাত বিষয়া- কৰ্মচাৰীৰ জেৰাই উন্মোচিত কৰিব কেলেংকাৰীৰ দস্তাবেজ।






























