Geetanagar Police Raid:মহানগৰীৰ জুৰোডত উৎখাত ভুৱা আধাৰকাৰ্ড কেন্দ্ৰ,আটক তিনিজনক

geetanagar

Geetanagar Police Raid:

মহানগৰীৰ জুৰোডত উৎখাত ভুৱা আধাৰকাৰ্ড কেন্দ্ৰ। অম্বিকাগিৰি নগৰস্থিত ‘প্রগতি এডুটেক’নামৰ শিক্ষা প্ৰতিষ্ঠান খনত গীতানগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই প্ৰায় ৫ শতাধিক ভুৱা আধাৰকাৰ্ড জব্দ কৰাৰ লগতে কম্পিউটাৰ,প্ৰিন্টাৰ আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে সোধপোছ বাবে আটক কৰে শিক্ষা প্ৰতিষ্ঠান খনৰ সঞ্চালকদ্বয় সনজিতৰাজ চৌধুৰী ,সঞ্জয় বৰুৱা আৰু আই টি বিষয়া চিন্ময় শৰ্মাক I

উল্লেখ্য যে, স্কীল ডেভেলপমেণ্ট আঁচনিৰ জৰিয়তে প্ৰগতি এডুটেকত শিক্ষাদান কৰিবলৈ অহা শিক্ষাৰ্থী সকলক প্ৰতিষ্ঠান খনে ভুৱা আধাৰকাৰ্ড যোগান ধৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছিল । আনহাতে আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰা শিক্ষা প্ৰতিষ্ঠান খনৰ তিনি বিষয়াক জেৰাইহে উন্মোচিত কৰিব ভুৱা আধাৰকাৰ্ড প্ৰস্তুত কৰা সমগ্ৰ ঘটনাৱলী ৷

 

Exit mobile version