মুম্বাইত গণেশ পূজাত বিসৰ্জনৰ সময়ত সংঘটিত দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

IMG 20250907 172249

Mumbai:✒️গণেশ পূজা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে ঘটনাটোত কমেও পাঁচজন লোক আহত হয়। দেওবাৰে মুম্বাইৰ খৈৰাণী পথত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

আৰক্ষী সূত্ৰ অনুসৰি,দেওবাৰে পুৱা প্ৰায় ১০:৪৫ বজাত ছাকিনাকা অঞ্চলৰ খৈৰাণী পথত সংঘটিত হয় এই ঘটনা। আজি অঞ্চলটোৰ মাজেৰে এটা গণেশৰ মূৰ্তি বিসৰ্জনৰ বাবে লৈ গৈ থকা অৱস্থাত এডাল ওলমি থকা বৈদ্যুতিক তাঁৰ মূৰ্তিটোত লাগি যায় ।

ফলত প্ৰতিমাটোৰ সমীপৰ ছয়জন ভক্ত বিদ্যুৎস্পৃষ্ট হৈ পৰে। লগে লগে স্থানীয় ৰাইজে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।

আহতসকলৰ ভিতৰত আছে দুজন নাবালক। বিষয়াসকলে জনোৱা মতে, আহতসকলৰ অৱস্থা স্থিতিশীল।

Exit mobile version