হঠাৎ ৰাষ্ট্ৰপতি ভৱনত মুর্মুৰ স’তে মোডীৰ বৈঠক , আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

Modi murmu

PM Modi:✒️ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ শনিবাৰে দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ এক্স হেণ্ডেলত এই বৈঠকৰ ছবি শ্বেয়াৰ কৰে।

যদিও দুয়োৰে বৈঠক সঠিক বিষয়টোৰ সন্দৰ্ভত কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ অস্থিৰতাৰ মাজতে এই বৈঠক কূটনৈতিক বিষয়ত হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

জাপান আৰু চীন ভ্ৰমণ সমাপ্ত কৰি শেহতীয়াকৈ ঘৰলৈ উভতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত চীনত অনুষ্ঠিত এছচিঅ’ৰ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ফ্ৰেমযুক্ত ফটো এখনে বিশ্ব কূটনীতিত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

Exit mobile version