Afghanistan:✒️আফগানিস্তানৰ তালিবান চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা এক ফতোৱাই অসংখ্য যুৱতী-মহিলাক মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য কৰিলে। অন্ধকাৰ যুগৰ নীতি-নিয়মৰ আধাৰত তালিবান চৰকাৰে জাৰি কৰা এই ফতোৱা অনুসৰি কোনো পুৰুষে অনাত্মীয় মহিলাক স্পর্শ কৰিব নোৱাৰিব।
আনকি জৰুৰীকালীন বা দুর্যোগ আক্রান্তৰ ক্ষেত্ৰতো ৰেহাই ব্যবস্থা নাই। অথচ আফগানিস্তান ভূমিকম্প প্রবণ দেশ। শেহতীয়াভাবে দেশখনৰ এক বৃহৎ অঞ্চল ভয়াবহ ভূমিকম্পৰ কবলত পৰে। ধ্বংসস্তূপত পৰিণত হয় বহু ঘৰ-দুৱাৰ। ফলত কমেও ২২শৰো অধিক লোকে প্রাণ হেৰুৱায়। তদুপৰি তিনি হেজাৰৰো অধিক আহত হয়। এই হতাহতসকলৰ মাজত বহু যুরতী-মহিলাও আছে।
ভালেসংখ্যক মহিলা ধ্বংসস্তূপৰ মাজত দীর্ঘসময় আবদ্ধ হৈ থাকি মৃত্যুক আঁকোৱালি লয়। কাৰণ তালিবান চৰকাৰৰ ফতোৱাৰ বাবে তেওঁলোকক পুৰুষ উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে। কাৰণ অনাত্মীয় যুৱতী-মহিলাৰ শৰীৰত হাত দিয়াটো এই ফতোৱাই বাৰণ কৰি থৈছে।
ফলত অতি বেদনাদায়কভাবে বহু যুবতী-মহিলাই মৃত্যুক আঁকোৱালি ল’ব লগা হয়। ইয়াৰ বিপৰীতে একেলগে ধ্বংসস্তূপত আবদ্ধ হৈ থকা পুৰুষসকলক উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰে। এই দৃশ্য ধ্বংসস্তূপৰ চেপাত আবদ্ধ হৈ থকা যুৱতী-মহিলাসকলে অসহায়ভাবে প্রত্যক্ষ কৰি থাকিবলগীয়া হয়।
উল্লেখ্য যে এই ভূমিকম্পই উৎপত্তিস্থল হ’ল পাকিস্তান সীমান্তৰ পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশ। ৰিখটাৰ স্কেলত ৬.৩ প্রাবল্যৰ এই ভূমিকম্পৰ পাছত একাধিক পৰৱৰ্তী কম্পন (আফতাবশ্ব’ক)ত কঁপি উঠে আফগান মহিলা।
তাছপাতৰ দৰে বহু ঘৰ-দুৱাৰ খহি পৰি বহু লোকক চেপি ধৰে। গাঁৱৰ পাছত গাঁও ধ্বংসস্তূপত পৰিণত হয়। তালিবান চৰকাৰে তৎপৰতাৰে দুৰ্গতৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু উদ্ধাৰ অভিযানত পুৰুষসকলকহে কেবল প্রাধান্য দিয়া হয়।
এই বেদনাদায়ক ঘটনা সম্পর্কত কুনাৰ প্ৰদেশৰ আণ্ডাৰলুকাক গাঁৱৰ নিবাসী ১৯ বছৰীয়া আয়েশা নামৰ যুৱতীগৰাকীয়ে কয়,’উদ্ধাৰকাৰী দলে দুর্গত পুৰুষসকলক উদ্ধাৰ কৰি লৈ গ’ল। আমাৰ ফালে ঘূৰিয়ে নাচালে। আমাৰ মাজতো অনেক আহত আছিল। বহুতৰে সৰ্বশৰীৰ বক্তাক্ত আছিল। কিন্তু কোনো মহিলাক তেওঁলোকে সাহায্য আগনবঢ়ালে। আমাৰ অৱস্থা কিয় কোনেও বুজ নল’লে।’
এই সম্পর্কত উদ্ধাৰকাৰী দলৰ অন্যতম কর্মী তাহজিবুল্লা মুহাজেৰে কয়, ‘আমাৰ চিকিৎসা কর্মীৰ দলটোৰ সকলো সদস্যই পুৰুষ আছিল। চৰকাৰী ফতোৱাৰ কাৰণে ভাঙি পৰা ঘৰ-দুৱাৰৰ তলত আবদ্ধ হৈ থকা মহিলাসকলক উদ্ধাৰ কৰিবলৈ কোনেও সাহস নকৰিলে।
ফলত আহত কিশোৰী, যুৱতী-মহিলাসকল ঘণ্টাৰ পাছত ঘণ্টা ধৰি ধ্বংসস্তূপত আবদ্ধ হৈ থাকে। তেওঁলোকক উদ্ধাৰ কৰাৰ মন আমাৰো আছিল; কিন্তু চৰকাৰী ফতোৱাৰ বাবে সম্ভৱ নহ’ল। আহত পুৰুষ আৰু শিশুসকলৰ চিকিৎসা কৰা হয়। গুৰুতৰভাৱে আহত মহিলাসকলক চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা নহ’ল।’
কেৱল আহত মহিলাসকলে নহয়, ভূমিকম্পত মৃত মহিলাসকলৰ শৰীৰ স্পৰ্শ কৰিবলৈও উদ্ধাৰকাৰী বাহিনীয়ে সাহস কৰা নাছিল। এনে মৃতদেহ উদ্ধাৰৰ ক্ষেত্রত উদ্ধাৰকাৰী বাহিনীয়ে প্রথমে তেওঁলোকৰ আত্মীয়ৰ সন্ধান কৰে। যিসকলৰ আত্মীয়ৰ সন্ধান পোৱা গ’ল তেওঁলোকৰ মৃতদেহ উদ্ধাৰৰ কাম সহজ হয়।
ইয়াৰ বিপৰীতে যিসকলৰ আত্মীয়ৰ কোনো সন্ধান পোৱা নগ’ল তেওঁলোকক লৈ সমস্যাৰ সম্মুখীন হয় উদ্ধাৰকাৰী বাহিনী। মৃত মহিলাসকলৰ পোছাকৰ অংশ টানি মৃতদেহ ধ্বংসস্তূপৰ পৰা উদ্ধাৰকাৰী বাহিনীয়ে বাহিৰলৈ উলিয়াই আনে। মৃতদেহ সন্তর্পণে স্পর্শ কৰিবলগীয়া হয় উদ্ধাৰকাৰী বাহিনী। উল্লেখ্য যে আফগানিস্তানত মহিলা স্বাস্থ্য কর্মী নাই বুলিবই পাৰি।
যোৱা বছৰ ছাত্ৰীৰ চিকিৎসা শিক্ষা গ্রহণত তালিবান চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে। বিগত ভূমিকম্পৰ সময়ত মহিলা চিকিৎসক আৰু উদ্ধাৰকাৰীৰ অভাৱ প্রকট হয়। ফলত এই ভূমিকম্পত ধ্বংসস্তূপত আবদ্ধ হোৱা বহু কিশোৰী-যুবতী-মহিলাই জীয়াতু ভুগি মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। চাৰি বছৰ পূৰ্বে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছৰে পৰা তালিবানে মহিলাসকলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি আহিছে।
অধিকাংশ চাকৰিত মহিলা নিষিদ্ধ কৰিছে। আনকি ছাত্রীসকলৰ শিক্ষাগ্রহণ ষষ্ঠ শ্রেণীতে সীমাবদ্ধ কৰিছে। একেদৰে পুৰুষ সংগী নোহোৱাকৈ ঘৰৰ বাহিৰত ফুৰা-চকা কৰাটো তালিবানে নিষেধাজ্ঞা আৰোপ কৰিছে।






























