পাকিস্তানৰ বিমান আক্ৰমণক লৈ আফগানিস্তানে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । কাবুলৰ স্পষ্ট সতর্কবার্তা— এই আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ সঠিক সময়ত দিয়া হ’ব।
আফগান চৰকাৰৰ অভিযোগ অনুসৰি, পাকিস্তানে সীমান্ত সংলগ্ন আফগান ভূখণ্ডত এয়াৰস্ট্ৰাইক চলাইছে। এই আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।
চৰকাৰৰ মতে, এই ধৰণৰ সামৰিক অভিযান দেশৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ ওপৰত প্ৰত্যক্ষ আঘাত।
তালিবান নেতৃত্বাধীন আফগান প্ৰশাসনে স্পষ্টকৈ কৈছে যে, কোনো বিদেশী শক্তিৰ আগ্ৰাসন সহ্য কৰা নহ’ব। প্ৰয়োজন হ’লে উপযুক্ত সময়ত প্ৰতিক্ৰিয়া দিয়া হ’ব বুলি সকীয়াই দিছে কাবুলে।
ইপিনে, ইছলামবাদৰ দাবী, এই অভিযান সন্ত্রাসবাদী গোষ্ঠীৰ ঘাঁটি লক্ষ্য কৰি চলোৱা হৈছে। সীমান্ত অঞ্চলৰ পৰা পাকিস্তানত চলি থকা সশস্ত্ৰ আক্ৰমণ ৰোধ কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে জনাইছে।
উল্লেখ্য, দুয়োখন দেশৰ মাজত সীমান্তকেন্দ্ৰিক উত্তেজনা দীৰ্ঘদিন ধৰি চলি আহিছে। শেহতীয়া এই এয়াৰস্ট্ৰাইক ঘটনাই পুনৰ এবাৰ অঞ্চলটোৰ কূটনৈতিক আৰু সামৰিক পৰিস্থিতি কঠোৰ কৰি তুলিছে। এতিয়া দৃষ্টি নিবদ্ধ হৈছে আগন্তুক দিনত কাবুলে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত।






























