Faridabad:✒️হাৰিয়ানাৰ ফৰিদাবাদত এ চি ত জুই লাগি মৃত্যু হয় এটা পৰিয়ালৰ তিনিজন সদস্যৰ। ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ ফিল্ড কলনীৰ আৱাসিক এলেকাত।
তথ্য অনুসৰি ,শচীন কাপুৰ, তেওঁৰ পত্নী ৰিংকু আৰু কন্যা চুজেনে চহৰখনৰ ফিল্ড কলনী অঞ্চলৰে এটা ঘৰত বাস কৰে। সোমবাৰে পুৱা হাৰিয়ানা আৰক্ষীয়ে ঘৰৰ পৰা পৰিয়ালৰ তিনিজন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোৰ পোহনীয়া কুকুৰটোৰ মৃতদেহ উদ্ধাৰ কৰে।
যদিও এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত AC ত জুই লাগে, যাৰ ফলত বৃহৎ বিস্ফোৰণ ঘটে আৰু গোটেই ঘৰখন ধোঁৱাৰে ভৰি পৰে। ইয়াৰ পাছতে শ্বাসৰুদ্ধ হৈ সকলো মৃত্যুমুখত পৰে।
ইতিমধ্যে তিনি জন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰিপৰ্ট পোৱাৰ লগে লগে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব।
এই কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। তদন্তকাৰী বিষয়াসকলেও এই দুৰ্ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নে নাই সেই তদন্ত অব্যাহত ৰাখিছে।
