Nepal:✒️ছাত্ৰ – যুৱকসকলৰ বিক্ষোভত উত্তাল নেপালৰ ৰাজধানী কাঠমাণ্ডু। এই পৰ্যন্ত আৰক্ষীৰ গুলীচালনাত নিহত ছজন। আহত হৈছে কমেও ৮০ জন। সোমবাৰে পুৱা কাঠমাণ্ডুৰ বানেশ্বৰ অঞ্চলত আৰম্ভ হয় প্ৰতিবাদ।
শেহতীয়াকৈ দেশখনত চৰকাৰে ফেচবুক, হোৱাটছএপ, এক্সকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।এই সিদ্ধান্তৰ বিৰুদ্ধে পুৱাৰে পৰা প্ৰতিবাদ আৰম্ভ হত।
দিনটো আগবাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।
ছাত্ৰ-ছাত্ৰী আৰু যুৱকৰ এটা দলে বেৰিকেড ভাঙি নেপালৰ সংসদ ভৱনত প্ৰৱেশ কৰে। প্ৰতিবাদকাৰীক ৰখাবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে। ৰবৰৰ গুলীও নিক্ষেপ কৰা হয়। কাঠমাণ্ডুৰ গুৰুত্বপূৰ্ণ অঞ্চলত জাৰি কৰা হৈছে কাৰ্ফিউ।
নেপালৰ ‘জেন জেড’ বা যুৱ প্ৰজন্মৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰৰ প্ৰতিবাদত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো অংশ লোৱা দেখা গৈছে।
যদিও এই প্ৰতিবাদ কেৱল ফেচবুক ব্যৱহাৰ নিষিদ্ধকৰণৰ বিষয় নহয় বুলি বহুতে অনুমান কৰে। কাৰণ নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ নেতৃত্বত গঠিত চৰকাৰৰ বিৰুদ্ধে কেবাদিনো ধৰি দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে।
দেশৰ অৰ্থনৈতিক বৈষম্যক লৈও ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত ক্ষোভ বাঢ়ি আহিছিল। অনুমান কৰা হৈছে যে পূৰ্বে জমা হৈ থকা ক্ষোভ দেওবাৰে প্ৰকাশ পাইছিল।
কিন্তু নেপাল চৰকাৰে দাবী কৰিছে যে দেশখন সুৰক্ষিত ৰখাৰ বাবে ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।অৱশ্যে বিৰোধীৰ কণ্ঠ দমন কৰিবলৈ চৰকাৰে এই ঘটনা সংঘটিত কৰা বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে।
২৮ আগষ্টত নেপাল চৰকাৰে ঘোষণা কৰিছিল যে ৭ দিনৰ ভিতৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। ৩ আগষ্টত এই সময়সীমা শেষ হৈছিল।বেছিভাগ ছ’চিয়েল মিডিয়া প্লেটফৰ্মে নেপাল চৰকাৰৰ নিৰ্দেশ মানি চলা নাছিল।
৪ আগষ্টত ফেচবুক, এক্স, হোৱাটছএপকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছিল। ইয়াৰ পূৰ্বে দেশখনৰ যুৱক-যুৱতীসকলৰ মাজত ক্ষোভ অনুভৱ কৰি নেপাল চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।
