Bhupen Hazarika:✒️অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকা এতিয়া কায়িকভাৱে নাই যদিও তেওঁৰ উপস্থিতি প্রতিজন অসমীয়া তথা অসমবাসীৰ বন্ধে বন্ধে শিপাই আছে। সুধাকণ্ঠগৰাকীৰ আজি এশ বছৰীয়া ওপজা দিন।
মানুহজন নাথাকিলেই যেনিবা তাতেনো কি হ’ল, তেওঁকতো কোনেও এৰাই চলিব নোৱাৰে। ড° ভূপেন হাজৰিকা অবিহনে জন্মভূমি অসমৰ নক্সাই আঁকিব নোৱাৰি বুলি ড° মামণি ৰয়ছম গোস্বামীয়ে লিখি গৈছে।
চৰকাৰীভাৱে আজিৰ পৰা জন্ম শতবর্ষ উদ্যাপনৰ কাৰ্যসূচী বর্ষজোৰাকৈ অনুষ্ঠিত হ’ব। সমান্তৰালভাৱে বর্ষজুৰি জন্মদিন উদযাপন কৰিবলৈ সাজু হৈছে বেচৰকাৰী বহু অনুষ্ঠান-সংগঠন। জন্মদিন উদ্যাপন কার্যসূচী কালিৰে পৰাই ৰাজ্যৰ বহু স্থানত আৰম্ভ হৈছে।উদ্ভাবনী নতুন নতুন চিন্তাৰে এনে কাৰ্যসূচী গ্রহণ কৰা হৈছে।
চৰকাৰী জন্ম শতবার্ষিকী উদ্যাপনৰ আৰম্ভণি কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ কালি আমেৰিকাৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় ড° হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী কেডেন্স হাজৰিকা আৰু পুত্ৰ চে’জ আকাশ হাজৰিকা। তেওঁলোকক এইবাৰ ৰাজ্যিক অতিথিৰূপে অসম চৰকাৰে আমন্ত্ৰণ কৰি আনিছে। পিতৃৰ জন্ম শতবার্ষিকী আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহি আবেগিক হৈ পৰিছে পৰিয়ালসহ তেজ হাজৰিকা।
ইয়াৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি সুধাকণ্ঠৰ পুত্ৰই কয়, ‘মোৰ পিতৃৰ বিষয়ে আৰু বহু কথা পোহৰলৈ আহিবলৈ বাকী আছে। জন্ম শতবার্ষিকী উদযাপনে সেই সকলো দিশ পোহৰলৈ আনিব।’
পিতৃক লৈ দিনজোৰা ব্যস্ততা পুত্ৰৰ
ৰাজ্যিক অতিথিৰূপে ব্রহ্মপুত্ৰ চৰকাৰী অতিথিশালাত বাহৰ পতা পৰিয়ালসহ তেজ হাজৰিকাই দেওবাৰে পিতৃক সোঁৱৰণ কৰি প্ৰস্তুত কৰা ‘ভূপেনদা আন কাট’ নামৰ এখন তথ্যচিত্ৰৰ প্রিমিয়াৰ শ্ব’ত উপস্থিত থাকে। ববিতা শৰ্মাই পৰিচালনা কৰা তথ্যচিত্ৰখনৰ প্রিমিয়াৰ শ্ব’ত ড° হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ লগতে পৰিয়ালবর্গও উপস্থিত থাকে। ইয়াৰ পাছতে পৰিয়ালসহ তেজ হাজৰিকা উপস্থিত হয় পিতৃগৃহত। মহানগৰীৰ নিজৰাপাৰৰ বাসভৱনত তেওঁলোকক আদৰিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছিল পৰিয়ালৰ লোকসকল। দুপৰীয়াৰ আহাৰ তেওঁলোকে তাতেই গ্ৰহণ কৰে। অসমীয়া বিবিধ ব্যঞ্জনৰে আপ্যায়িত কৰা হয় তেওঁলোকক। বিশেষকৈ গোটেই পৰিৱেশক লৈ কেডেন্স হাজৰিকাৰ অনুসন্ধিৎসু মন আছিল লক্ষ্যণীয়। বিয়লি তেওঁলোকে পুনৰ চৰকাৰে ধাৰ্য কৰা নিয়ম অনুসৰি নিজৰাপাৰৰ পৰা ৰাজ্যিক অতিথিশালালৈ উভতি যায়।
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগতো তেওঁলোকৰ আলোচনা সম্পন্ন হয়। কাইলৈ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুষ্ঠান আজি অসম চৰকাৰে উদযাপন কৰিবলগীয়া ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ পৰা আৰম্ভ হ’ব। আজি পুৱা ন বজাত জালুকবাৰীৰ ‘ড° ভূপেন হাজৰিকা সমন্বয় তীর্থ’ নামকৰণ কৰা সমাধিক্ষেত্রত স্মৃতি তর্পণ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
ইয়াত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য। মুখ্যমন্ত্রী ড” হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াও এই কার্যসূচীত উপস্থিত থাকিব। কাইলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ দ্বাৰাও শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ন্যাসে আজি বিয়লি পেন্সনাৰ ভৱনৰ সমীপৰ খেলপথাৰত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত তেজ হাজৰিকা উপস্থিত থকাৰ সম্ভাৱনা আছে।
ইপিনে, জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি কালি পুৱা জালুকবাৰীৰ ড” ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা এক চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আয়োজিত এই সমদল মুকলি কৰে ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই।
ইফালে, অহা ১৩ ছেপ্টেম্বৰত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ এহেজাৰ শিল্পীয়ে সুধাকণ্ঠৰ ১৪টা গীতৰ এক বিশেষ অনুষ্ঠান পৰিবেশন কৰিব। সুধাকণ্ঠৰ নিৰ্বাচিত উক্ত গীতবোৰৰ অংশ জোৰা লগাই এই বিশেষ গীতটো প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।
সদৌ অসম ছাত্র সন্থায়ো কাইলৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ অসমৰ প্ৰতিখন জিলা সদৰৰ ৰাজহুৱা স্থানত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত স্থানতে এশগৰাকী ছাত্র-ছাত্রী, পুরুষ-মহিলা, যুৱক-যুৱতী আৰু শিল্পীয়ে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে…’ শীর্ষক গীতটো পৰিবেশন কৰিব। গুৱাহাটীতো দীঘলীপুখুৰী পাৰত থকা ড° হাজৰিকাৰ প্ৰতিমূৰ্তিৰ কাষত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়া দীঘলীপুখুৰীৰ চৌপাশে এশ গছি বস্তি প্রজ্বলন কৰাৰ পাছত ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠান অনুষ্ঠিত হ’ব। সমগ্র অসমৰ প্ৰতিখন জিলাৰ পৰা একোখন নির্বাচিত মহাবিদ্যালয়ৰ শ্রেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়ৰ শ্রেষ্ঠ কণ্ঠশিল্পীয়ে এই অনুষ্ঠানত সুধাকণ্ঠৰ একোটা গীত পৰিবেশন কৰিব। উল্লেখ্য যে আছুৱে বিগত কে’বা বছৰৰ পৰা এই উদ্দীপনা শীর্ষক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।
সুধাকণ্ঠৰ জন্ম শতবার্ষিকী বিশেষ কাৰ্যসূচীৰে পালন কৰিবলৈ আজিৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে। পৰিষদে আগন্তুক বৰ্ষৰ সাত ছেপ্টেম্বৰৰত সামৰণি অনুষ্ঠানৰূপে ৫০ হেজাৰ আবৃত্তিকাৰৰ জৰিয়তে ড° অমৰজ্যোতি চৌধুৰী ‘মৃত্যু জিনাৰ গান’ শীর্ষক কবিতাটো আবৃত্তি কৰিব। অসমৰ প্ৰতিখন জিলাত ইয়াৰ আৰম্ভণি কৰা হয়। উল্লেখ্য যে ড” হাজৰিকাৰ বিয়োগত প্রাক্তন উপাচার্য তথা বিশিষ্ট আবৃত্তিকাৰ ড’ অমৰজ্যোতি চৌধুৰীয়ে উক্ত কবিতাটো ৰচনা কৰিছিল।
অসম সাহিত্য সভায়ো ৰাজ্যৰ লগতে দেশে-বিদেশে থকা ইয়াৰ কমেও এহেজাৰ শাখাৰ জৰিয়তে কাইলৈ সুধাকণ্ঠৰ জন্ম শতবার্ষিকী পালন কৰিব। অসমৰ প্ৰতিখন জিলা আৰু শাখা সাহিত্য সভাৰ উপৰি ভাৰতবৰ্ষৰ আহমেদাবাদ, দিল্লী, মুম্বাই, কলকাতা, ওড়িছা, মেঘালয়, অৰুণাচল প্রদেশ আৰু নগালেণ্ডত থকা শাখা সভাই জন্ম দিৱস পালন কৰিব। ইয়াৰ লগতে উত্তৰ আমেৰিকা, ৰাছিয়া, জার্মানী, ছিংগাপুৰ, দক্ষিণ আফ্রিকা, কুৱেইটকে ধৰি বিদেশত থকা শাখাৰ সভাবোৰেও কাইলৈ ড° ভূপেন হাজৰিকাক তেওঁৰ জন্মদিনত স্মৰণ কৰিব। অসম সাহিত্য সভায়ো বর্ষজোৰাকৈ সভাৰ প্রাক্তন সভাপতিগৰাকীৰ জন্ম শতবর্ষ উদ্যাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
অৰুণাচল প্রদেশত বিশেষ আয়োজন
অৰুণাচল প্রদেশে ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ পালনৰ বিশেষ আয়োজন কৰিছে। ৰাজ্যখনৰ ইটানগৰকে ধৰি কে’বাটাও স্থানত কাইলৈ ড° হাজৰিকাক সোঁৱৰণ কৰা হ’ব। আনহাতে, অহা ২৬ ছেপ্টেম্বৰত ৰয়িঙত সুধাকণ্ঠৰ জন্মদিন পালনৰ বিশেষ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ চৰকাৰৰ উদ্যোগত এই পদক্ষেপ লোৱা হৈছে
