ৰহস্যময় দৈত্যকায় গ্রহক ঘূৰাই আছে এটা ক্ষুদ্র নক্ষত্রই

images 1

Blood Moon:✒️এই বিশ্বব্রহ্মাণ্ডত ক্ষুদ্র নক্ষত্রকো প্রদক্ষিণ কথা বৃহৎ গ্রহ থাকিব পাৰে। এনে এক ধাৰণা জোতির্বিজ্ঞানীসকলে পোষণ কৰি আহিছে। জ্যোতির্বিজ্ঞানীসকলৰ এই ধাৰণা শেহতীয়াভারে একপ্রকাৰ শুদ্ধ প্রমাণ হৈছে। ব্রিটেইনৰ একাংশ জ্যোতির্বিজ্ঞানীয়ে এক সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি আৱিষ্কাৰ কৰিছে যে সৌৰজগতৰ বাহিৰত এটা প্রকাণ্ড গ্রহই এটা বাওনা নক্ষত্রক প্রদক্ষিন কৰি আছে।

জ্যোতির্বিজ্ঞানীৰ দলটোৱে এই গ্রহৰ নাম ‘টিঅ’অহি-৬৮৯৪বি’ ৰাখিছে। সৌৰজগতৰ শনিতকৈ ডাঙৰ এই গ্রহটোৱে এটা বড়া বাওনা নক্ষত্রক প্রদক্ষিণ কৰে। এই বাওনা নক্ষত্রৰ ভৰ সূর্যৰ মাথোঁ এক পঞ্চমাংশহে। বিজ্ঞানীৰ দলটোরে ‘ট্রেনজিটিং এগজ’প্লেনেট ছার্কে ছেটেলাইট (টিইএছএছ) শীর্ষক সমীক্ষাব তথ্য বিশ্লেষণ কৰি উক্ত গ্রহ আক নক্ষত্র আবিষ্কাৰ কৰিছে গ্রহটোরে প্রদক্ষিন কৰা বাওনা নক্ষত্রটোৱে সূর্যতকৈ কম পোহৰ নির্গত কৰে।

ইয়াৰ বিপনীতে গ্রহটো গেছৰে পৰিপূর্ণ হৈ আছে। গ্রহটোৰ ব্যাসার্ধ শনিতকৈ ডাঙৰ। অৱশ্যে ইয়াৰ ভৰ শনিৰ আধাহে। গ্রহটো আবিষ্কাৰ কৰা জ্যোতির্বিজ্ঞানীৰ দলটোক নেতৃত্ব প্রদান কবে ইউনিভাবছিটি কলেজ অৱ লন্ডনৰ এডবার্ড ব্লায়েন্টে। এই সম্পর্কত ব্লায়েন্টে কয়, ‘এই আৱিষ্কাৰক লৈ মই অতি উচ্ছ্বসিত হৈছো। প্রকাণ্ড গ্রহ বিচাৰি মই টিইএছব পর্যাবেক্ষণলৈ অহা ৫১ হেজাববো অধিক কম ভৰৰ ৰঙা বাওনা নক্ষত্রৰ তথাত সন্ধান কৰো। তেতিয়া বিশ্বৰে সবাতোকৈ ডাঙৰ দূৰবীক্ষন ভিএলটিৰ পর্যবেক্ষণ ব্যবহাৰ কৰি মই টিঅ’আই-৬৮৯৪ বি গ্রহটো আরিষ্কার কৰো। ই এটা প্রকাণ্ড গ্রহ।’

তেওঁ জনোৱা মতে, বর্তমানলৈ আবিষ্কৃত নক্ষত্রসমূহৰ ভিতৰত উক্ত গ্রহটোৱে প্রদক্ষিন কৰা নক্ষত্রটো হৈছে হৈছে আটাইতকৈ কম ভৰৰ নক্ষত্র। এই সম্পর্কত তেওঁ আৰু কয়, ‘এনে কম ভৰৰ নক্ষত্র প্রদক্ষিণ কৰা পিক্স’আই-৬৮৯৪ বিৰ লেখীয়া গ্রহ সৃষ্টি হ’ব বুলি আমি আশা কৰা নাছিলো। এনে প্রকাণ্ড গ্রহ সৃষ্টিৰ কাৰণ বুজি পোৱাৰ ক্ষেত্রত এই আবিষ্কাৰ কষতি শিল হৈ থাকিব।’

উল্লেখ্য যে উক্ত প্রকাণ্ড গ্রহটোৱে প্রদক্ষিণ কৰা নক্ষত্রটো হৈছে এই ধৰণৰ নক্ষত্রব দ্বিতীয়টো। এই সম্পর্কত ব্রায়েন্টৰ সহযোগী তথা ৱাৰৱিক বিশ্ববিদ্যালয়ৰ জ্যোতির্পদার্থবিদ ডেনিয়েল বেইলিছে কয়, ‘আমাৰ হাতীপটি তাৰকা ৰাজ্যৰ অধিকাংশ নক্ষত্রই হৈছে এই নক্ষত্রৰ দৰে ক্ষুদ্র নক্ষত্র। এইসমূহৰ ভৰ কম আৰু পূর্বে ভবা হৈছিল যে এনে নক্ষত্রই গেছৰে পৰিপূর্ণ দৈত্যকায় গ্রহক নিজৰ চাৰিওকাষে প্রদক্ষিণ কৰাব নোৱাৰে। দৰাচলতে ক্ষুদ্র নক্ষত্রয়ো দৈত্যকায় গ্রহক প্রদক্ষিণ কৰায়। এই আবিষ্কাৰে আমাৰ হাতীপটি তাৰকা ৰাজ্যত কিমান সংখ্যক দৈতাকায় গ্রহ আছে তাৰো ধাৰণা দিছে।’

জ্যোতির্বিজ্ঞানী ব্লায়েন্টে টিঅ’আই ৬৮৯৪বি গ্রহটোক ৰহস্যময়ো আখ্যা দিছে এই সম্পর্কত জ্যোতির্বিজ্ঞানী দলটোৰ অন্যতম সদস্য ইউনিভাবছিটি কলেজ অব লন্ডনৰ লন্ডনৰ বিশেষজ্ঞ ভিনচেস্ট ভান আইলেনে কয়, ‘এয়া এক ৰহস্যময় আৱিষ্কাৰ। দৰাচলতে আমাৰ বোধগম্য হোৱা নাই যে তেনেই কম ভৰৰ এটা নক্ষত্রই কেনেদৰে এটা প্রকাণ্ড গ্রহক নিজৰ চাৰিওফালে প্রদক্ষিণ কৰাব পাৰে!

সৌৰজগতৰ বাহিৰত অধিক গ্রহৰ সন্ধানৰ লক্ষ্যৰূপে এই গ্রহ আৱিষ্কৃত হৈছে। আমাৰ সৌৰজগতৰ ব্যৱস্থাতকৈ পৃথক গ্রহ-গ্রহাণু ব্যৱস্থা উদ্ধাৰৰ জৰিয়তে আমি আমাৰ সৌৰজগত কেনেকৈ গঠন হৈছে তাৰ আর্হি পৰীক্ষা কৰাৰ লগতে ইয়াৰ ৰূপ অধিক ভালদৰে বুজি পাম।’

জ্যোতির্বিজ্ঞানীসকলৰ এনে মন্তব্যই প্রতিপন্ন কৰিছে যে ক্ষুদ্র নক্ষত্রটোবে দৈত্যকায় গ্রহটোক নিজৰ চাৰিওফালে ঘূৰি থাকিবলৈ বাধ্য কৰিছে।

জ্যোতির্বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি এই দৈত্যকায় গ্রহৰ তাপমাত্রা মাথোঁ ৪২০ কেলভিনহে। গ্রহটোৰ বায়ুমণ্ডল মিথেনৰে গঠিত বুলি জ্যোতির্বিজ্ঞানীসকলে ধাৰণা কৰিছে। গ্রহটোৰ তাপমাত্রা এই বায়ুমণ্ডলত থকা এম’নিয়া চিনাক্তকৰাত সহায় কৰিব বুলিও বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে।

Exit mobile version