GST:✒️ৰজা নোহোৱা দেশত পৰিণত হৈছে নেকি অসম। নে চৰকাৰেই যাৰ যি ইচ্ছা তাকে কৰিবলৈ অনুমতি প্রদান কৰিছে? ৰাজ্যত শনিবাৰৰ পৰা হঠাৎ প্রতিবিধ চিমেণ্টৰ মূল্য প্রতি বেগত আঠৰ পৰা ১০ টকা পর্যন্ত ক্তি বৃদ্ধি হৈছে।
অথচ এই বৃদ্ধিৰ কাৰণ সম্পর্কত চিমেন্ট কোম্পানীবোৰে অথবা সংশ্লিষ্ট কর্তৃপক্ষই কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই।দৰাচলতে ৰাইজক লুটি-পুতি খাবলৈকে কাকো পৰোৱাই নকৰাকৈ এনেদৰে মূল্যবৃদ্ধি কৰে প্ৰতিটো চিমেন্ট কোম্পানীয়ে।
প্রতিবেগ চিমেণ্টৰ মূল্য এনেদৰে বৃদ্ধি কৰাৰ ফলত খুচুৰা ব্যৱসায়ীৰ লগত গ্ৰাহকৰ মাজতো হাহাকাৰ লাগিছে। অসমতে কে’বাবিধো বহুল প্রচলিত চিমেন্ট উৎপাদিত হয়। অথচ অসমতে চিমেণ্টৰ মূল্য দেশৰ আন ৰাজ্যৰ তুলনাত অধিক।
উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত চিমেণ্টৰ ওপৰত থকা ২৮ শতাংশ জিএছটিৰ পৰিমাণ ১০ শতাংশ হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি অহা ২২ ছেপ্টেম্বৰৰ পৰা প্ৰতিবেগ চিমেণ্টৰ ওপৰত জিএছটিৰ পৰিমাণ ১৮ শতাংশলৈ হ্রাস হ’ব।
সেই অনুসৰি, চিমেণ্টৰ ৪৫০ টকীয়া একোখন বেগৰ মূল্য ৪০৫ টকালৈ হ্রাস হ’ব। এই হাসৰ পূৰ্বেই ষ্টাৰ, টপচেম, ডালমিয়া আদি প্রতিটো প্রতিষ্ঠানে প্রতিবেগ চিমেণ্টৰ মূল্য আঠৰ পৰা ১০ টকালৈ বৃদ্ধি কৰিছে। জিএছটি হ্ৰাসৰ ফলত তেওঁলোকৰ মুনাফা আদায় হিচাপে কোনো হীন-ডেঢ়ি নহয়, তাৰ বাবে গ্ৰহণ কৰা হৈছে এই কৌশল।
স্বেচ্ছাচাৰী এই আচৰণৰে চিমেন্ট কোম্পানীকেইটাই সকলোকে যে অংগুষ্ঠ দেখুৱাইছে, তাকেই প্ৰমাণ কৰিছে। তদুপৰি কেৱল অসমতহে এইদৰে চিমেণ্টৰ দাম বৃদ্ধি কৰা হৈছে। দেশৰ কোনো ৰাজ্যতে দাম বৃদ্ধি হোৱা নাই। ইমানৰ পাছতো অসম চৰকাৰৰ নীৰৱতাই বহুজাতিক কোম্পানীবোৰৰ পৰা ব্যাপক হাৰত বৰঙণি আদায় কৰাটোকে বুজাইছে নেকি বুলিও প্রশ্ন উত্থাপিত হৈছে।






























