Guwahati:ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিস্থলত জন্ম শতবার্ষিকীৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা,সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা

hb3

Guwahati:ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিস্থলত জন্ম শতবার্ষিকীৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা,সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা

:অসমৰ চৰকাৰৰ উদ্যোগত আৰু ড:ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে ড:ভূপেন হাজৰিকাৰ সমাধিস্থলত আয়োজন কৰে জন্ম-শতবার্ষিকীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ এই উপলক্ষে সুধাকণ্ঠৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা,সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা ,কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা সহ বিভিন্নজনে।

ইয়াৰ পিছতে আয়োজিত সভাত আদৰণি ভাষণ প্ৰদান পৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা শুভাৰম্ভ হ’ল ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী৷  বিশ্ব বিশ্ৰুত শিল্পী গৰাকীৰ কালজয়ী গীত আৰু সমন্বয়ৰ বাৰ্তা উত্তৰ- পূৰ্বাঞ্চল ভেদি বিশ্ব দৰবাৰলৈ নিয়াত ব্ৰতী হ’ব অসম চৰকাৰ ৷ আনহাতে ৰাজ্য চৰকাৰে ইতিপূৰ্বে লোৱা সিদ্ধান্ত অনুসৰি আজিৰে পৰা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ ‘সমন্বয় তীর্থ’ নামৰে নামাকৰণ কৰা হয় ৷ এতিয়াৰ পৰা এই নামেৰে জনাজাত হ’ব ৷

ড:শৰ্মাই আৰু কয় যে,ৰাজ্যৰ বাবে আজিৰ দিনটো এক অবিস্মৰণীয় দিন হিচাপে পৰিগণিত হ’ব৷ কৃতজ্ঞ জাতিটোৱে আজি আমাৰ অন্তৰাত্মাত সোমাই থকা ভূপেনদাৰ ১০০সংখ্যক জন্মবাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে৷আজি বৰেণ্যগৰাকীৰ সমাধি স্থলী ‘সমন্বয় তীৰ্থ’ত আমি ভাৰত ৰত্নগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ধন্য অনুভৱ কৰিছোঁ৷ সমাজৰ ভিন্ন স্তৰৰ লোকেও ভূপেনদাক শতকোটি প্ৰণিপাত জ্ঞাপন কৰে৷ অসম ভূমিত ভূপেনদাৰ জন্মই জাতিটোক যুগে যুগে গৌৰৱান্বিত কৰিব ৷নৱপ্ৰজন্মৰ মাজত ভূপেন দাক জীপাল কৰি ৰখাৰ বাবে প্ৰচেষ্টা লৈছে ৰাজ্য চৰকাৰে’। ‘এটি সুন্দৰ লেখাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জনাইছে, আমি কৃতজ্ঞতা জনাইছোঁ’। ‘১৩ ছেপ্টেম্বৰৰ পিছত নতুন দিল্লী, মুম্বাই, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত জন্ম-শতবর্ষ কার্যসূচী ৰূপায়ন কৰিব ৰাজ্য চৰকাৰে’। আনহাতে ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত চৰকাৰীভাৱে আয়োজিত সুধাকণ্ঠ জন্ম শতবৰ্ষ বাৰ্ষিকী শুভাৰম্ভ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আৰ বি আই- এ প্ৰস্তুত কৰা এশটকীয়া মুদ্ৰা ৷

সভাত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু,ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা,সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা আৰু কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা সহ বহু গণমান্য ব্যক্তি উপস্থিত থাকে ৷

 

 

Exit mobile version