Nepal PM KP Sharma Oli resigns amid deadly Gen Z protest: জেন জেডৰ মাৰাত্মক প্ৰতিবাদৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ, ডুবাইলৈ পলায়নৰ সম্ভাৱনা

একাধিক মন্ত্ৰীৰ পদত্যাগৰ মাজতে দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে পৰিকল্পিত প্ৰস্থানৰ পূৰ্বে উপ-প্ৰধানমন্ত্ৰীক ভাৰপ্ৰাপ্ত দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰী অলিৰ 

nepal

Nepal PM KP Sharma Oli resigns amid deadly Gen Z protest:

তৰুণ প্ৰজন্মৰ চৰকাৰবিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুত কালি আৰক্ষীৰ গুলিত কমেও ১৯জনে প্রাণ হেৰুৱাইছে। লগতে আহত হৈছে দুই শতাধিক। চৰকাৰৰ দুর্নীতি আৰু সামাজিক মাধ্যমৰ কে’বাটাও জনপ্রিয় এপৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতিবাদত ৰাজপথত তীব্র প্রতিবাদত জঁপিয়াই পৰা যুৱ-ছাত্রসকলক নিয়ন্ত্রণ কৰিবলৈ নিয়োগ কৰা হৈছে সেনাবাহিনী। তাৰ পিছতো হিমালয়ান দেশ খনৰ ৰাজধানী কাঠমাণ্ডু সহ আন আন চহৰত আগ্নিগৰ্ভা পৰিস্থিতি হৈ পৰাত প্ৰধানমন্ত্ৰী অলি চৰকাৰৰ গৃহমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী সহ চাৰিজন মন্ত্ৰীয়ে পদত্যাগৰ পিছতে শলঠেকত পৰে প্ৰধানমন্ত্ৰী অলি ৷ এনে ঘটনাক্ৰমৰ মাজতে উগ্ৰ জনতাই নেপালী প্ৰধানমন্ত্ৰী গৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে ৷ বিক্ষুব্ধ জনতাৰ ক্ষোভত আত্মগোপন কৰে অলি মন্ত্ৰী সভাৰ প্ৰায় সকল মন্ত্ৰী ৷ স্বয়ং প্ৰধানমন্ত্ৰী অলি নিৰাপদ স্থানত আশ্ৰয় লয় ৷ আনকি নেপালত অধিক ভয়াৱহ ৰূপ লৈছে প্রতিবাদে ৷ প্রতিবাদকাৰীয়ে কাঢ়ি লৈছে আৰক্ষীৰ বন্দুক ৷ একাংশ প্রতিবাদকাৰীয়ে আক্ৰমণ কৰিলে বিত্তমন্ত্ৰীক ৷ নিয়ন্ত্ৰণৰ বাহিৰত এতিয়া কাঠমাণ্ডৰ পৰিস্থিতি ৷

শেহতীয়া খবৰ অনুসৰি পদত্যাগ কৰিলে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে পদত্যাগ কৰিছে ৷ চৰকাৰ বিৰোধী শ্ল’গান দি শ শ বিক্ষোভকাৰীয়ে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পিছতে অলিয়ে পদত্যাগ কৰে। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ইতিমধ্যে অলীৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰিলে ৷ কাঠমাণ্ডু এৰিবৰ বাবে বিমান সাজু কৰিছে প্রধানমন্ত্রীয়ে ৷ আজি সন্ধিয়া ঘোষণা হ’ব নতুন প্ৰধানমন্ত্ৰীৰ নাম ৷

# নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি ডুবাইলৈ পলায়নৰ সম্ভাৱনা

নেপালৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰাইভেট জেট বিমান ষ্টেণ্ডবাই ৰখাৰ বাবে ডুবাইলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী সহ চাৰি মন্ত্ৰীৰ পদত্যাগৰ মাজতে দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে পৰিকল্পিত প্ৰস্থানৰ পূৰ্বে উপ-প্ৰধানমন্ত্ৰীক ভাৰপ্ৰাপ্ত দায়িত্ব অৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী অলিয়ে।

ইয়াৰ পূৰ্বে অলিয়ে কয় যে দেশজুৰি বৃদ্ধি পোৱা প্ৰতিবাদৰ মাজতে সন্ধিয়া ৬ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। পিএমঅ’ৰ বিবৃতিত কোৱা হৈছে যে, “মই সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি এক অৰ্থপূৰ্ণ সিদ্ধান্ত উলিয়াওঁ। তাৰ বাবে আজি সন্ধিয়া ৬ বজাত সৰ্বদলীয় বৈঠকৰো আহ্বান জনাইছো। এই কঠিন পৰিস্থিতিত সকলো ভাই-ভনীক শান্ত হৈ থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছো।”

# ইয়াৰ পিছত কি হ’ব পাৰে দেশখনত

তথ্য অনুসৰি প্ৰধানমন্ত্ৰী অলিয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰি দেশৰ কমাণ্ড উপ-প্ৰধানমন্ত্ৰীক অৰ্পণ কৰিছে। অৱশ্যে দেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে কয়। ইয়াৰ উপৰিও সংসদ ভংগ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীও আছে।

নেপাল চৰকাৰৰ বহু মন্ত্ৰীয়ে পদৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ ভিতৰত নেপালৰ কৃষি মন্ত্ৰী ৰামনাথ অধিকাৰীয়েও পদৰ পৰা পদত্যাগ কৰিছে। জল যোগান মন্ত্ৰী প্ৰদীপ যাদৱেও পদত্যাগ কৰিছে। নেপালৰ শেখৰ কইৰালা (নেপাল কংগ্ৰেছ) ফৈদৰ মন্ত্ৰীসকলে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে হিংসাত্মক প্ৰতিবাদৰ দায়িত্ব লৈ পদত্যাগ কৰে।

প্ৰতিবাদকাৰীয়ে দলীয় কাৰ্যালয়, প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত ঘৰত জুই লগাই দিয়ে পদত্যাগ কৰাৰ কেইঘণ্টামান পূৰ্বে বিক্ষোভকাৰীসকলে সোমবাৰৰ মৃত্যুৰ জবাবদিহিতাৰ দাবী জনাই বালকোটত থকা নেপালৰ নেতা গৰাকীৰ ব্যক্তিগত বাসগৃহত জুই লগাই দিয়ে। ক্ষুব্ধ বিক্ষোভকাৰীসকলে কেইবাজনো ৰাজনৈতিক নেতাৰ বাসগৃহতো ভাঙি লণ্ডভণ্ড কৰে।

সূত্ৰ অনুসৰি বিৰোধী দলপতি পুষ্প কমল দাহাল (প্ৰচণ্ড)ৰ ঘৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নেপালী কংগ্ৰেছৰ সভাপতি দেউবাৰ ঘৰত আক্ৰমণ। গৃহমন্ত্ৰীৰ ঘৰত জুই লগাইছে, যোগাযোগ মন্ত্ৰীৰ ঘৰতো জুই লগাইছে।

সোমবাৰে চৰকাৰে ছ’চিয়েল মিডিয়া চাইটত নিষেধাজ্ঞা আৰোপ কৰাৰ পিচত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ সময়ত কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয়। প্ৰতিবাদৰ পিছতে যোৱা নিশা চৰকাৰে এই নিষেধাজ্ঞা বাতিল কৰে। জেন জেডৰ বেনাৰত প্ৰতিবাদকাৰীসকলে ৰাজধানীৰ একাধিক স্থানত “কে পি চোৰ, দেশ ছোড” (কে পি চোৰ, দেশ এৰি যাওক) আৰু “দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে ব্যৱস্থা লওক” আদি শ্ল’গানেৰে ধ্বনিৰে উত্তাল কৰি তোলে।

Exit mobile version