কূটনৈতিক পৰিকল্পনা? ৰাঞ্চিৰ পৰা গ্রেপ্তাৰ সন্দেহকজনক ISIS উগ্ৰপন্থী

IMG 20250910 130149

Terrorist:✒️ভাৰতত বহি দুই যুৱকে কৰিছিল কূটনৈতিক পৰিকল্পনা ! চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাম কৰি ইয়াৰে এজনক দিল্লী আৰক্ষী বিশেষ কোষ, ঝাৰখণ্ড সন্ত্ৰাসবাদ বিৰোধী দল (এটিএছ) আৰু ৰাঞ্চি আৰক্ষীৰ যৌথ দলে ঝাৰখণ্ডৰ ৰাঞ্চিৰ পৰা গ্ৰেপ্তাৰ কৰে।

একেদিনাই দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আন এজনক।আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰাৰম্ভিক তদন্তত যুৱক দুজন উগ্ৰপন্থী সংগঠন আইছিছৰ স’তে জড়িত। তেওঁলোকক জেৰা অব্যাহত আছে।

আৰক্ষী সূত্ৰৰ অনুসৰি ,বুধবাৰে পুৱা ৰাঁচীৰ পৰা আছহৰ দানিছ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে।বোকাৰো জিলাৰ পেটৱাৰৰ বাসিন্দা দানিছ বিৰুদ্ধে দিল্লীত ৰুজু হৈছিল এক গোচৰ।

সেই ভিত্তিত বহুদিন ধৰি আৰক্ষীয়ে তেওঁক বিচাৰি আছিল। অৱশেষত চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বুধবাৰে ৰাঁচীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।দানিছৰ সম্ভাৱ্য উগ্ৰপন্থী সম্পৰ্কৰ তদন্তও কৰিছে আৰক্ষীয়ে।

আনহাতে, একেদিনাই দিল্লীৰ পৰা আফতাব নামৰ আন এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে আফতাব আৰু দানিছ দুয়োজনেই আইছিছৰ স’তে জড়িত আছিল। আইছিছৰ সদস্যৰ স’তেও তেওঁলোকে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰিছিল।

অভিযোগ অনুসৰি, তেওঁলোকে ভাৰতত উগ্ৰপন্থী সংগঠনটোৰ হৈ বিভিন্ন কূটনৈতিক পৰিকল্পনাৰ কাৰ্যসূচীৰতো সহায় কৰিছিল। সম্প্ৰতি জিম্মাত জেৰা অব্যাহত আছে।

Exit mobile version