দিল্লীলৈ বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰাৰ পাছতো ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ ইউৰোপীয় ইউনিয়নক ‘পৰামৰ্শ’ ট্ৰাম্পৰ!

Trump 4

Donald Trump:✒️ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ তেওঁ ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ ইউৰোপীয় সংঘক ভাৰত আৰু চীনৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ কয়।

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “প্ৰিয় বন্ধু” বুলি উল্লেখ কৰি মোডীৰ স’তে কথা পাতিব বিচৰাৰ বাৰ্তা প্ৰেৰণ কৰে। আৰু একেদিনাই তেওঁ ইউৰোপীয় সংঘক আন এটা কয়।

ইউৰোপীয় সংঘৰ স’তে হোৱা এক কনফাৰেন্স কলত ট্ৰাম্পে কথা পাতে। সেই সময়ত তেওঁ চীন আৰু ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা কয়।

তেওঁ কোৱা শুনা যায় যে, “এই কামটো বাধ্যতামূলকভাৱে কৰিব লাগিব। চীন বা আন দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰালৈকে নাটকীয় শুল্ক আৰোপ কৰিব লাগিব।”

প্ৰসংগক্ৰমে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ জটিলতা হ্ৰাস কৰিবলৈ মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এক বিবৃতি প্ৰকাশ কৰে। তেওঁ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথত লিখিছে, ‘মই অত্যন্ত আনন্দৰে ঘোষণা কৰিছোঁ যে ভাৰত আৰু আমেৰিকাৰ দুয়োখন মহান দেশৰ মাজত দীৰ্ঘদিনীয়া বাণিজ্যিক বিবাদ সমাধানৰ বাবে আলোচনা চলিছে। মোৰ প্ৰিয় বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ স’তে কথা পাতিবলৈ আগ্ৰহী। মই নিশ্চিত যে দুয়োখন মহান দেশৰ মাজত এই আলোচনাই অতি সোনকালে সকলো বাধা অতিক্ৰম কৰি এক সিদ্ধান্তত উপনীত হ’ব।’

এই পৰিস্থিতিত ট্ৰাম্পৰ আচৰণত অৱগত মহল আচৰিত হোৱাটো স্বাভাৱিক।

Exit mobile version