ভিক্ষাৰীমুক্ত নহ’ল ভূপাল, বৰঞ্চ বাঢ়িল ভিক্ষাজীৱি

Untitled design 1

Bhupal:✒️ভূপালক ভিক্ষাৰীমুক্ত চহৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন আকৌ এবাৰ ভগ্ন হ’ল। চহৰৰ প্রশাসনে ভূপালক ভিক্ষাজীবীৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি একাধিক পদক্ষেপ লৈছিল।

কিন্তু প্রশাসনৰ এনে পদক্ষেপৰ পাছতো ভূপাল ভিক্ষাৰীমুক্ত নহ’ল, বৰঞ্চ চহৰখনৰ বিভিন্ন অঞ্চল, মন্দিৰ, ৰাজহুৱা স্থান, বেল আস্থান, বাছ আস্থান আদিত বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা।

ভূপালৰ নিউ মার্কেট, ব’র্ড অফিচ চাৰিআলি, ব্যাপম চৌহদ, জ্যোতি টকিজ, বিত্তন মার্কেট, মন্দিৰ আৰু বাছ আস্থানৰ দৰে অঞ্চলত সম্প্রতি ভিক্ষাজীবী লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

এইবোৰ অঞ্চলত প্ৰশাসনৰ চকুত ধূলি দিবলৈ একাংশ ভিক্ষাৰীয়ে সামগ্রী বিক্ৰী কৰাৰ ভাও ধৰে, কিন্তু তেওঁলোকৰ মূল লক্ষ্য হৈছে ভিক্ষা বিচৰা। এনে লোকে হাতত ধূপকাঠি, ৰক্ষাসূত্র, ঝাড়ু বা আন কোনো সস্তীয়া সামগ্রী লৈ বিভিন্ন অঞ্চলত ঘূৰি ফুৰি সুযোগ বুজি মানুহৰ পৰা ভিক্ষা বিচাৰে।

কেইমাহমান পূর্বে ভূপাল প্রশাসনে চহৰখনক শীঘ্ৰে ভিক্ষাৰীমুক্ত কৰা হ’ব বুলি ঘোষণা কৰি ভিক্ষাৰী বিৰোধী অভিযান চলাইছিল। সেই সময়ত বহু ভিক্ষাৰীক চৰকাৰী আশ্রয়গৃহলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু এইসকল ভিক্ষাৰী পুনৰ ৰাজপথত উপস্থিত হৈ ভিক্ষা বৃত্তিত জড়িত হৈছে।

Exit mobile version