বিস্ময় কিশোৰী’ক লৈ পেৰিছৰ বিশ্ববিদ্যালয়ৰ গৱেষণা

হাইপাৰৰ্থাইমেছিয়া: জীৱনৰ প্ৰতিটো মুহূৰ্তৰ সকলো কথাই মনত আছে

IMG 20250911 111649

Peris:আপোনাক হয়তো ছমাহ-এবছৰৰ আগৰ কোনোবা এটা দিনৰ নিজৰ জীবনতে কি ঘটিছিল, তাৰ বিশেষ গুৰুত্ব নাথাকিলে হয়তো আজি আৰু ক’ব নোৱাৰে। ইয়েই স্বাভাৱিক। প্রতিজন ব্যক্তিৰ ক্ষেত্রতে এনে ঘটনা সংঘটিত হয়; কিন্তু অবিশ্বাস্য হ’লেও সত্য যে এই পৃথিৱীতে এনে কিশোৰীৰ সন্ধান পোৱা গৈছে, যিগৰাকীয়ে জীৱনৰ এৰি অহা প্রতিটো দিনৰ প্রতিটো মুহূৰ্তৰ কথাই সলসলীয়াকৈ ক’ব আৰু ব্যাখ্যা কৰিব পাৰে। স্বাভাৱিকতে এই কিশোৰীগৰাকীক ‘বিস্ময় কিশোৰী’ আখ্যা দিয়া হৈছে।

কিশোৰীগৰাকীৰ এই অস্বাভাৱিক দক্ষতাক লৈ বিজ্ঞানীসকলৰ মাজতো প্রচণ্ড কৌতূহলৰ সৃষ্টি হৈছে। কাৰণ এনে স্মৃতিশক্তিৰ অধিকাৰী হোৱাটো বিৰল। হাতেৰে এমুঠি বালি তুলি ধৰিলে আঙুলিৰ ফাকেৰে কিছু পৰিমাণৰ বালি সৰকি পৰে। এয়া স্বাভাৱিক ঘটনা। স্মৃতিশক্তিকো ইয়াৰ স’তে তুলনা কৰিব পাৰি। মানুহৰ মগজুৱে যিমানলৈ সম্ভব হয়, সিমানখিনি স্মৃতিহে ধৰি ৰাখে। জীৱনৰ বিশেষ প্রভাব পেলোৱা বা গুরুত্ব থকা ঘটনাহে মনত থাকে; কিন্তু এইগৰাকী কিশোৰী সম্পূর্ণৰূপে ব্যতিক্রম।

তেওঁ নিজৰ জীবনত ঘটা ঘটনাৰ কথা ক’ব পাৰে। গতিকে এই কিশোৰীগৰাকী গৱেষণাৰ বিষয়ত পৰিণত হৈছে। সম্প্ৰতি পেৰিছৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কিশোৰীগৰাকীক লৈ গৱেষণা আৰম্ভ কৰিছে। অৱশ্যে গৱেষণাৰ স্বাৰ্থত কিশোৰীগৰাকীৰ নাম গোপনে ৰখা হৈছে। গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, সাধাৰণ মানুহৰ তুলনাত অতীতৰ অনেক ঘটনাৰ কথা এই কিশোৰীগৰাকীয়ে হুবহু মনত ৰাখিব পাৰে।

অৱশ্যে এয়া কোনো বিশেষ শক্তি নহয়, কিশোৰীগৰাকী এনে স্মৃতিশক্তিৰ অধিকাৰী হোৱাৰ অন্তৰালত আছে এক বিৰস মানসিক অৱস্থা। এই মানসিক অৱস্থাক ‘হাইপাৰথাইমেছিয়া’ বুলি জনা যায়। গৱেষকসকলৰ মতে, সমগ্র পৃথিৱীত এশজনতকৈয়ো কম মানুহৰ ক্ষেত্ৰত এই বিৰল মানসিক অৱস্থা দেখা যায়। এইসকলেও নিজৰ জীৱনৰ প্ৰতিটো ঘটনাই নির্দিষ্ট দাঢ়িসহ হুবহু বর্ণনা দিব পাৰে।

উল্লেখ্য যে ২০০৬ত কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ স্নায়ু জীৱবিদসকলে বিশ্বত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ শৰীৰত হাইপাৰথাইছেমিয়াৰ সন্ধান লাভকৰে। তাৰ পাছৰে পৰা এই বিৰল মানসিক অৱস্থাক লৈ গৱেষণা বৃদ্ধি পাইছে। শেহতীয়াভাৱে পেৰিছ বিশ্ববিদ্যালয়ৰ গৱেষণকসকলে এই কিশোৰীগৰাকীৰ সন্ধান পায়। ইতিমধ্যে কিশোৰীগৰাকীৰ স্মৃতিশক্তিক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছে গৱেষকসকলে। গৱেষকসকলে কিশোৰীগৰাকীৰ স্মৃতিশক্তিক এক ধৰণৰ মানসিক টাইম ট্রেভেল আখ্যা দিছে।

গৱেষকসকলৰ দাবী হ’ল যে স্মৃতিৰ সমুদ্ৰত ডুব দিলে নিজৰ জীৱনত ঘটা অতীতৰ কোনো ঘটনাৰ পুনৰ অনুভৱ কৰিব পাৰে কিশোৰীগৰাকীয়ে। অতি কম বয়সৰ পৰা কিশোৰীগৰাকীয়ে পূর্বে জীৱনত ঘটা ঘটনা সলসলীয়াকৈ ব্যাখ্যা কৰি বহুতক হতবাক কৰি আহিছে। আঠ বছৰ বয়সত তেওঁৰ এই বিশেষ ক্ষমতাৰ কথা তেওঁৰ বন্ধু-বান্ধৱীসকলে জানিব পাৰে। তেওঁ নিজেই এই কথা বন্ধু-বান্ধৱীসকলৰ আগত কয়; কিন্তু তেতিয়া কিশোৰীগৰাকীৰ কথা কোনেও বিশ্বাস কৰা নাছিল।

অৱশ্যে পিছলৈ বহুতেই কিশোৰীগৰাকীৰ এই শক্তিৰ কথা সকলোৱে স্বীকাৰ কৰিবলৈ লয়। সম্প্রতি এই কিশোৰীগৰাকৰ বয়স ১৭ বছৰ। অৱশ্যে কিশোৰীগৰাকীয়ে দাবী কৰে যে তেওঁৰ স্মৃতিৰ আধাৰত কিছু কাল্পনিক আঁচোৰো আছে। যেতিয়াই তেওঁ স্মৃতিৰ সাগৰত ডুব দিয়ে, তেতিয়াই তেওঁ এক পাতল ৰঙৰ এটা কাল্পনিক ঘৰত প্ৰৱেশ কৰে। আবেগ বিজড়িত স্মৃতিসমূহ এই ৰঙীন ঘৰত গচ্ছিত থকা বুলি তেওঁ কয়।

আনহাতে, আবেগ জড়িত নথকা স্মৃতি ৰোমন্থন কৰোতে তেওঁৰ অধিক সময়ৰ প্রয়োজন হয়। এনে স্মৃতিক গৱেষকসকলে ক’লা স্মৃতি বা ব্লেক মেমৰী আখ্যা দিছে। গৱেষকসকলে জনোৱা মতে, কিশোৰীগৰাকীয়ে দুবছৰ পূৰ্বে সংঘটিত কোনো ঘটনা মাহ, দিন পর্যন্ত মুহূৰ্তৰ ভিতৰতে ক’ব পাৰে। অনেক পুৰণি স্মৃতিৰ ক্ষেত্ৰতো একেটা কথাই খাটে। কেৱল অতীতেই নহয়, ভৱিষ্যতৰো কিছু ঘটনা ক’ব পাৰে বুলিও কিশোৰীগৰাকীয়ে দাবী কৰিছে।

Exit mobile version