মঙল গ্ৰহত জীৱন যাপনৰ বাস্তৱ স্বাদ!

১৯ অক্টোবৰত নাছাৰ 'মাৰ্ছ ডিউন আলফা'ত প্ৰৱেশ কৰিব চাৰি মহাকাশচাৰীয়ে

IMG 20250911 130113

ৰঙা গ্রহ মঙলত জীৱন যাপন ঠিক কেনেকুৱা হ’ব? স্বাস্থ্যৰ ওপৰতে বা কেনেকুৱা প্ৰভাৱ পৰিব পাৰে? গৱেষণামূলক কাম-কামেই বা কিদৰে চলাব পৰা যাব? মঙল গ্রহত অভিযান চলোৱাৰ পূৰ্বে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ বাবে পৃথিৱীৰ বুকুতে এক কৃত্রিম মঙল গ্রহ নিৰ্মাণ কৰি চাৰিজন মহাকাশচাৰীক তাত থকাৰ বাবে প্রস্তুত কৰিছে নাছাই।

অহা ১৯ অক্টোবৰত এই চাৰি মহাকাশচাৰীয়ে পৃথিৱীৰ ‘মঙল’ অর্থাৎ হিউস্টনৰ জনছন স্পেচ চেণ্টাৰৰ অন্তৰ্গত নাছাৰ ‘মাৰ্ছ ডিউন আলফা’ৰ জগতত প্ৰৱেশ কৰিব। প্রায় ১,৭০০ বর্গফুটৰ সেই থ্রী-ডি প্রিন্টেড হেবিটেটত চাৰি মহাকাশচাৰীয়ে ২০২৬ৰ ৩১ অক্টোবৰ পৰ্যন্ত থাকিব।

অর্থাৎ মুঠ ৩৭৮ দিন। যি চাৰিজন মহাকাশচাৰীক এই অভিনৱ অভিযানৰ বাবে নিৰ্বাচন কৰা হৈছে, তেওঁলোক হৈছে- বছ এল্ডাৰ, এলিন এলিচ, মেথিউ মণ্টগোমাৰি আৰু জেমছ স্পাইচাৰ। এওঁলোকৰ অভিযানৰ প্রস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে। নানা ধৰণৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে।

অৱশ্যে আকস্মিক কোনো কাৰণত যদি একেবাৰে শেষ মুহূৰ্তত কাৰোবাৰ যাত্ৰাত বাধা আহে, তেন্তে তেওঁৰ স্থান লোৱাৰ বাবে বিকৰূপে আৰু দুজন মহাকাশচাৰীক সাজু কৰি ৰখা হৈছে। তেওঁলোক হৈছে এমিলি ফিলিপছ আৰু লৰা মেৰী।

নাছাৰ তৰফৰ পৰা জনাইছে যে এই ‘স্টিমুলেচন’ অভিযান তেওঁলোকৰ ‘ক্রু হেল্থ এণ্ড পাৰফর্মেন্স এক্লপ্ল’ৰেচন এনালগ’ৰ অংশ। বাস্তৱৰ মঙল গ্রহলৈ নোযোৱাকৈও তাত থকাৰ অভিজ্ঞতা লাভত এই অভিযানে সাহায্য কৰিব। ৩৭৮ দিনৰ এই অভিযানত মহাকাশচাৰীসকলে লাভ কৰিব নানা ধৰণৰ অভিজ্ঞতা।

ইয়াৰ ভিতৰত আছে নিভৃতবাসত থকাটো কেনেকুৱা, যোগাযোগত পলম হ’লে বা মহাকাশযানৰ কোনো যন্ত্রাংশ হঠাৎ বিকল হৈ পৰিলে কিদবে মোকাবিলা কৰিব লাগিব, জীয়াই থকাৰ বাবে প্রয়োজনীয় সামগ্রী শেষ হৈ আহিলে কিদৰে পৰিস্থিতি চম্ভালিব লাগিব, অত্যধিক তাপমাত্রাত কিদৰে স্পেচবাক কৰিব লাগিব ইত্যাদি।

Exit mobile version