সন্ত্ৰাসবাদীৰ সন্দেহত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । সূত্ৰ অনুসৰি ধৃত লোকসকলে বৃহৎ কূটনৈতিক পৰিকল্পনা কৰিছিল। দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তালাচী চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে।
দিল্লী আৰক্ষীৰ সূত্ৰৰ মতে, গোপন তথ্যৰ জৰিয়তে এই সন্ত্ৰাসবাদীৰ সন্ধান পোৱা গৈছে। ইয়াৰ পাছতে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হয়।লগতে কেবাটাও স্থানত অনুসন্ধান অভিযান চলোৱা হয়।
দিল্লী আৰক্ষীৰ সূত্ৰৰ মতে, তালাচী অভিযানৰ সময়ত তদন্তকাৰীয়ে আইডি বিস্ফোৰক নিৰ্মাণৰ বাবে কিছু সামগ্ৰী উদ্ধাৰ কৰে। দুৰ্বৃত্তই সেইবোৰ কূটনৈতিক পৰিকল্পনাৰ কৰাৰ বাবে ব্যৱহাৰ কৰিছিল বুলি প্ৰথম অৱস্থাত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।
ধৃত পাঁচজন লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। তেওঁলোকৰ স’তে আন কোনোবা সংযুক্ত নেকি আৰু এই উগ্ৰপন্থী নেটৱৰ্ক কিমান দূৰলৈকে বিস্তৃত হৈছে সেই বিষয়ে তদন্ত কৰি আছে।
