Fake Note Seized With Paddlar Arrested in Borjhar:
মহানগৰীৰ পাশ্বৱৰ্তী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠৰ সমীপত নকল নোট জব্দ ৷ বৰঝাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বিমানকোঠৰ সমীপস্থ এখন হোটেলত অৰ্তকিতে অভিযান চলাই প্ৰায় ৩ লাখ নগদ নকল টকা সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজন মহাৰাষ্ট্ৰৰ পালঘৰৰ অজয় শৰ্মা৷ আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে নকল নোট খিনি লৈ মহাৰাষ্ট্ৰলৈ বিমানেৰে যোৱাৰ উদ্দেশ্যেৰে হোটেল খনত বাহৰ পাতি আছিল ৷ আৰক্ষীৰ সন্দেহ নকল নোটৰ খাটি হৈ পৰা লখিমপুৰৰ বঙালমৰাৰ নকল নোট সৰবৰাহকাৰীৰ পৰা লোকজনে নোট খিনি সংগ্ৰহ কৰিছিল।
বৰঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰী জনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে,লখিমপুৰৰ বঙালমৰাৰ নকল নোটৰ সৰবৰাহকাৰীৰ কৰিডৰত পৰিণত হৈছে গুৱাহাটী ৷ বঙালমৰাৰ পৰা অনা নলক নোট গুৱাহাটী হৈ সৰবৰাহ হয় দেশৰ ভিন্ন অঞ্চললৈ ৷






























