Gaurav Gogoi Condemns :কোঁচ-ৰাজবংশী ৰাইজৰ জোঁৰ সমদলকাৰীৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছো” : গৌৰৱ গগৈ

garuav

Gaurav Gogoi Condemns :

বুধবাৰে যোৱাকালি সন্ধিয়া ধুবুৰীৰ গোলোকগঞ্জত জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোচ ৰাজবংশী ৰাইজক লৈ উলিওৱা জোঁৰ সমদলত অংশ লোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত অসম আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ নিন্দা কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিছো।

এই নিন্দনীয় ঘটনাই অসমৰ খিলঞ্জীয়া জনগণৰ স্বাভিমানী সত্তা আৰু অধিকাৰৰ প্ৰতি অসম চৰকাৰৰ চুড়ান্ত অৱহেলা আৰু অসন্মান উন্মোচিত কৰিলে । এই ঘটনাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো বিষয়টোৰ প্ৰতি থকা অৱহেলা আৰু উদাসীন মানসিকতা প্ৰকাশ কৰিছে । চৰকাৰী পক্ষৰ দমন আৰু উপেক্ষা নহয়, অসমৰ যুৱসমাজে বিচাৰে অৰ্থবহ আলোচনা,নিজৰ আত্মসন্মান,গণতান্ত্ৰিক অধিকাৰ,সম-উন্নয়ন আৰু সমমৰ্য্যদা।

Exit mobile version