List of assets of Union Ministers released:সম্পত্তিৰ তালিকাত ৩১ বছৰ পুৰণি এম্বেচাদৰ, ৩৭বছৰ পুৰণি স্কুটাৰৰ উল্লেখ

সম্পদৰ তালিকা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় মন্ত্রীবর্গই

NITIN GADKARI

List of assets of Union Ministers released:

বন্দুক, ৰাইফলৰ পৰা পুৰণি এম্বেচাদৰ গাড়ীলৈ! একাংশ কেন্দ্ৰীয় মন্ত্রী এনে সম্পদৰো গৰাকী। শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সম্পদৰ তালিকা প্রধানমন্ত্রী কাৰ্যালয়ৰ ৱেবছাইটত উপলব্ধ হৈছে। এই তথ্য অনুসৰি, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সম্পদৰ মাজত এখন ৩১ বছৰ পুৰণি এম্বেচাদৰ গাড়ীও আছে। তদুপৰি তেওঁ আন দুখন যাত্রীবাহী সৰু গাড়ী (কাৰ) ৰো মালিক। গাডকাৰীৰ ৩৭ লাখ টকাৰো অধিক মূল্যৰ সোণৰ আ-অলংকাৰো আছে। আনহাতে, তেওঁৰ পত্নী কাঞ্চন নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ ২৮ লক্ষাধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ আছে। দুই কেন্দ্রীয় নাৰী আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱী আৰু সাবিত্রী ঠাকুৰৰ সম্পদৰ মাজত বন্দুক, ৰিভলভাৰ, ৰাইফলো আছে। এই মন্ত্রণালয়ৰ কেন্দ্রীয় মন্ত্রী দেৱীয়ে প্রকাশ কৰা অনুসৰি, তেওঁৰ এটা ৰিভলভাৰ, এটা ৰাইফল, এখন ট্রেক্টৰ আৰু মিউচুৱেল ফাণ্ডত প্রায় এক কোটি টকাৰ বিনিয়োগ আছে।

আনহাতে, নাৰী আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্রী সাবিত্রী ঠাকুৰৰ এটা দুনলীয়া বন্দুক আৰু এটা বিভলভাৰো আছে। তদুপৰি তেওঁৰ সম্পদৰ মাজত ৬৭ লাখৰো অধিক টকা মূল্যৰ সোণৰ আ-অলংকাৰ আছে।

ইপিনে, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ এখন দুচকীয়া বাহন, ২৭লক্ষাধিক টকা মূল্যৰ আ-অলংকাৰ আৰু মিউচুৱেল ফাণ্ডত ১৯ লক্ষাধিক টকাৰ বিনিয়োগ আছে। উপলব্ধ তথ্যত দেখা গৈছে যে একাংশ কেন্দ্রীয় মন্ত্রী বা তেওঁলোকৰ পৰিয়ালে ৰিজার্ভ বেংকৰ সাৱধানবাণী সত্ত্বেও ডিজিটেল মুদ্রা বা ক্রিপ্ত’কাৰেন্সীতো লাখ লাখ বিনিয়োগ কৰিছে।

কেন্দ্ৰীয় ৰাজ্য দপ্তৰৰ দক্ষতা উন্নয়ন মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ জয়ন্ত চৌধুৰীয়ে চলিত বৰ্ষৰ ৩১ মার্চলৈকে ক্রিপ্ত’কাৰেন্সীত ২১.৩১ লাখ টকা বিনিয়োগ কৰিছে। তেওঁৰ পত্নী চাক সিঙেও ২২.৪১ লাখ টকাৰ ডিজিটেল সম্পদ ৰাখিছে। উল্লেখ্য যে ৰিজার্ভ বেংকে ডিজিটেল মুদ্রাত বিনিয়োগ নিৰাপদ নহয় বুলি সকীয়াই আহিছে।

ইপিনে, কেন্দ্রীয় সামাজিক ন্যায়-সবলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ সম্পদৰ মাজত এখন ৩৭ বছৰীয়া পুৰণি স্কুটাৰ আৰু এটা ৰিভলভাবো আছে। একেদৰে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্রী এল মুৰগানে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ সম্পদৰ মাজত এখন স্কুটী আৰু ৭৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আছে। ৰেল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰবনীত সিং বিটুৱে প্রকাশ কৰা অনুসৰি, অন্যান্য সম্পদৰ লগতে তেওঁৰ ১৯৯৭ মডেলৰ এখন মাৰুতী এষ্টিম গাড়ী আৰু এটা পিষ্টলো আছে।

Exit mobile version