Nagaon:
অসমৰ বিশিষ্ট কথাছবি অভিনেতা তথা পৰিচালক ব্ৰজেন বৰাক শিল্পী সমাজ অসমে প্রদান কৰিছে ‘শিল্পীৰত্ন অসম বঁটা-২০২৫’। শিল্পী সমাজ অসমৰ উদ্যোগত আঠ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উৎসৱৰ লগত সংগতি ৰাখি কালি দ্বিতীয় দিনা সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অভিনেতা-পৰিচালক ব্ৰজেন বৰাক এই বঁটা প্ৰদান কৰা হয়।
বঁটা গ্রহণ কৰি অভিনেতা ব্ৰজেন বৰাই কয়, ‘শিল্পীসকলে আচলতে স্বীকৃতি বিচাৰে। স্বীকৃতি মানেই মৰম। শিল্পীসকলে বেলেগ বিনিময় নিবিচাৰে। মই ব্যক্তিগতভারে কোনো বিনিময় নিবিচাৰো। ৰাইজে দিয়া নিভাঁজ মৰমৰ বাবে শিল্পীসকলে গোটেই জীৱন পাৰ কৰে।’ অগ্রজসকলে বহু কষ্ট কৰি নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰয়াস কৰাৰ কথা তেওঁ উল্লেখ কৰে।
বঁটা প্রদান অনুষ্ঠানত প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱা, সমাজৰ কাৰ্যকৰী সভাপতি ভদ্রকান্ত মুক্তিয়াৰ, সাধাৰণ সম্পাদক যোগানন্দ দেৱ ভট্টাচার্য, উপ-সভাপতি পৰাণ মহন্তৰ লগতে গকুল গোস্বামী, জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে শিল্পী সমাজ, অসমৰ একাদশ বার্ষিক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগীত শৰ্মাৰ সম্পাদনাত প্রকাশ হোৱা ‘ৰংগশালা’ শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। কালি দিনৰ ভাগত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘ভুল নুবুজিবা ভূপেনদা’ শীর্ষক নাটক মঞ্চস্থৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ সামৰণি পৰে।






























