Nepal:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ সম্ভাব্য মুৰব্বী হ’ব পাৰে প্রাক্তন মুখ্য ন্যায়াধীশ

ন্যায়াধীশ কার্কিক বিচাৰিছে তৰুণ প্রজন্মই , সেনাই প্রতিষ্ঠা কৰিব নেকি ৰাজতন্ত্র

nepal cj

Nepal:

নেপালৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী হিচাপে উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্কিক প্রতিবাদকাৰীসকলে বাছনি কৰে। আন্দোলনকাৰী ছাত্র-যুৱসকলে কাঠমাণ্ডুত আজি সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত লয়। অনলাইনযোগে বিভিন্ন জিলাৰ পৰা নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে এই সভাত অংশগ্রহণ কৰে।

নেপালত ছাত্র-যুৱ আন্দোলনৰ চাপত পৰি মঙলবাৰে প্রধানমন্ত্রী কে পি শর্মা অলিয়ে পদত্যাগ কৰি আত্মগোপন কৰে। তাৰ পাছতো পৰিস্থিতি স্বাভাৱিক হোৱা নাই নেপালত। সম্প্রতি ৰাষ্ট্ৰখনৰ শাসনভাৰ সেনাৰ দখলত আছে। ৰাস্তাত টহল দিছে সেনাবাহিনীয়ে। এই পৰিস্থিতিত অন্তৱৰ্তী চৰকাৰৰ মুখ কি হ’ব তাকে লৈ জল্পনা আৰম্ভ হৈছে। অৱশেষত আলোচনাৰ অন্তত পাঁচ হেজাৰৰো অধিক আন্দোলনকাৰীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্রী কার্কিক বাছি লৈছে। নেপালৰ সংবাদ মাধ্যমত প্রকাশ যে প্রথমতে আন্দোনকাৰীসকলে কাৰ্কিলৈ সন্মতি প্ৰস্তাৱ প্ৰেৰণ কৰে। এই প্ৰস্তাৱ বিবেচনাৰ বাবে তেওঁ কমেও এহেজাৰ লিখিত স্বাক্ষৰ বিচাৰে।

# ৰজাৰ ছবি পাছফালে থৈ সেনা মুৰব্বীৰ বাৰ্তাক লৈ চর্চা

অলি চৰকাৰৰ পতনৰ পাছত নেপালত বিগত বহু বছৰ ধৰি অব্যাহত থকা পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী অধিক শক্তিশালী ৰূপত চর্চিত হৈছে। যোৱা নিশা নেপালৰ সেনাৰ মুৰব্বী অশোক ৰাজ ছিগডেল জনসাধাৰণক শান্তি বর্তাই ৰাখিবলৈ আহ্বান জনাই দিয়া ভাষণত দেখা গৈছিল যে তেওঁৰ শাসনৰ পাছফালে আছে নেপালৰ প্ৰাক্তন নেতা পৃথ্বি নাৰায়ণ শ্বাহৰ ছবি। সেয়েহে বহুতে দাবী কৰিছে যে নেপালত সেনাই ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্যোগ লৈছে নেকি?

#কাঠমাণ্ডুত আবদ্ধ ভাৰতীয়

অশান্ত নেপালত আবদ্ধ ভাৰতীয়ক দেশলৈ ওভতাবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰে নেপালৰ সেনাবাহিনীৰ স’তে যোগাযোগ সম্পন্ন কৰিছে। কাঠমাণ্ডু বিমান বন্দৰত চাৰিশৰো অধিক ভাৰতীয় আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ দিল্লীৰ পৰা বিশেষ বিমান প্ৰেৰণ কৰা হ’ব।মঙলবাৰৰ পৰা পৰা কাঠমাণ্ডুৰ ত্রিভূবন বিমানবন্দৰ বন্ধ হৈ আছে। ভাৰতীয় নাগৰিকসকলক কিদৰে ওভতাব পাৰি, তাকে লৈ আলোচনা অব্যাহত আছে।

ইপিনে, নেপাল সীমান্তৰ সিপাৰে চীনত আবদ্ধ হৈছে বহু ভাৰতীয়। কৈলাস-মানস সৰোবৰ যাত্রা সামৰি উভতিবলৈ লওঁতে আবদ্ধ হোৱা এইসকল কেতিয়া দেশলৈ আহিব পাৰিব সেয়া অনিশ্চিত হৈ পৰিছে। কিয়নো নেপালৰ সীমান্ত ইতিমধ্যে মঙলবাৰে বন্ধ কৰি দিয়া হৈছে। বিকল্প পথৰ কোনো ব্যৱস্থাও নাই। সূত্রত প্রকাশ যে কৈলাস-মানস সৰোবৰৰ্ত কমেও দুহেজাৰ তীৰ্থযাত্রী চীনৰ তিব্বত প্ৰদেশৰ এখন সৰু গাঁও ড্রাচেনত আবদ্ধ হৈছে। ইয়াৰে অধিকাংশ ভাৰতীয়। ২০২০ত বন্ধ হোৱা কৈলাস-মানস সৰোবৰ যাত্রা এই বছৰ দুই দেশৰ মাজত হোৱা আলোচনামর্মে মুকলি কৰা হৈছে। যাত্রা পুনৰ আৰম্ভ হোৱাত চৰকাৰী উদ্যোগত চলিত বর্ষতে ৭৫০ জন তীর্থযাত্রীক লৈ যোৱা হৈছিল।

নেপালৰ পথৰে যিসকল যাত্রী গৈছে সম্প্রতি তেওঁলোকৰ ভৱিষ্যৎ অনিশ্চিত হৈছে। এনে এক ভুক্তভোগীয়ে কয়, ‘তিব্বতৰ এই ড্রাচেন গাঁৱত অধিক মানুহ থকাৰ বন্দৱস্ত নাই। আমি যিসকলে কৈলাসৰ পৰিক্ৰমাৰ পৰা উভতি আহিছো তেওঁলোকৰ প্ৰতিজনেই কিবা নহয় কিবা শাৰীৰিক অসুস্থতাত ভোগে। সেয়েহে কিছু প্রকৃতিষ্ঠ হ’বলৈ ড্রাচেনলৈ প্ৰেৰণ কৰা হয় তীর্থযাত্রীক। ইয়াৰ হোটেলবোৰত অক্সিজেন আছে। আমিও সেয়েহে আহিছিলো। কিন্তু এতিয়া আৰু উভতিব পৰা নাই। ক্রমশঃ তীর্থযাত্ৰীৰ ভিৰ বাঢ়িছে। স্থানীয় চীনাসকলে আমাক আন গাঁওলৈ যোৱাটো বিচাৰিছে। ড্রাচেনত থাকিবলৈ দিয়া নাই।’

Exit mobile version