আৱিষ্কাৰৰ ১০৩ বছৰৰ পাছতো উদ্ধাৰ হোৱা নাই

thil111111

ব্রিটিছ শাসনৰ সময়ত ১৯২১-২২ত আৱিষ্কাৰ হোৱা হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাক লৈ চর্চা-গবেষণা অব্যাহত আছে। উন্নত প্রাচীন সভ্যতাৰূপে খ্যাত হৰপ্পা-মহেঞ্জোদাৰোৰ ধ্বংসাৱশেষৰ মাজত কেতবোৰ লেখা উদ্ধাৰ হৈছে। অৱশ্যে এই লেখাসমূহৰ পাঠোদ্ধাৰ আজিলৈ সম্ভৱ হোৱা নাই। এই লেখাৰ লিপিৰ বৰ্তমানে প্রচলিত কোন ভাষাৰ স’তে মিল আছে তাৰ তথ্যও উদ্ধাৰ হোৱা নাই।

হৰপ্পা-মহেঞ্জোদাৰো লেখাৰ পাঠোদ্বাৰ উদ্দেশ্যে নতুন দিল্লীত আজি তিনিদিনীয়া কাৰ্যসূচীৰে এক সম্মিলন আৰম্ভ হৈছে। কেন্দ্রীয় সাংস্কৃতিক মন্ত্রণালয়ৰ স্বতন্ত্র সংস্থা নেচনেল চেণ্টাৰ ফ’ৰ আৰ্টছে আয়োজন কৰা এই সম্মিলনলৈ ভাষাবিদৰ লগতে এজন কর্কট বিশেষজ্ঞ, মহাকাশ বিজ্ঞানী আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো আমন্ত্রণ জনোৱা হৈছে।

সম্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও অংশগ্ৰহণ কৰাৰ কথা। কার্যসূচী অনুসৰি, কাইলৈ প্রধানমন্ত্রী মোদীয়ে আৰু ১৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে অনুষ্ঠানত অংশ ল’ব। এই তিনিদিনীয়া সম্মিলনত বহু গৱেষকে গৱেষণাপত্র প্রকাশ কৰিব।

অৱশ্যে হৰপ্পাৰ লেখাক লৈ গৱেষকসকল একমত হ’ব পৰা নাই। একাংশ গৱেষকৰ মতে এই লেখা সংস্কৃতত লিখিত। আন একাংশৰ মতে আকৌ এই লেখাৰ ভাষা দক্ষিণ ভাৰতৰ কোনো ভাষাৰ স’তে মিল আছে। তদুপৰি আন একাংশ গৱেষকৰ মতে হৰপ্পাৰ লিপিৰ স’তে চাওতাল বা গোণ্ডী সদৃশ কোনো আদিভাষী ভাষাৰ মিল আছে।

হৰপ্পাৰ লিপিক লৈ বহু বছৰ ধৰি গৱেষণা কৰি থকা ছফটৱেৰ অভিযন্তা বহতা মুখার্জীৰ মতে কোনো গবেষকে আজিলৈকে হৰপ্পাৰ লিপিৰ সম্পূৰ্ণ পাঠোদ্বাৰ কৰা বুলি দাবী কৰিব পৰা নাই। এই সম্পর্কত মুখার্জীয়ে লগতে কয়, ‘মই কিছু কাম আগুৱাই নিছো। এয়া কোনো বানানভিত্তিক লেখা নহয়।

প্রাচীন বাণিজ্য আৰু শুল্ক নীতিক লৈ এয়া লিখা হৈছে।’ আনহাতে, কেন্দ্ৰৰ এই সম্মিলনত যোগদান কৰা প্রত্নতাত্ত্বিক কৰুণা শংকৰ শুল্কই তেওঁৰ এখন গ্ৰন্থত লিখিছে যে সিন্ধু নদীৰ পাৰৰ পৰা সমস্ত ছীল মোহৰ উদ্ধাৰ কৰা হৈছে যদিও তাত বাণিজ্যৰ কাম-কাজ হোৱা নাছিল। তাৰ অন্তৰালৰ কাৰণ আছিল ধৰ্মীয়।

শুল্কৰ মতে হৰপ্পাৰ প্ৰধান ছীল-মোহৰত এটা মন্ত্রও খোদিত আছে। উক্ত সম্মিলনত তেওঁ এই সম্পর্কীয় কথা আলোচনা কৰাৰ সম্ভাৱনা আছে। আনহাতে,নাগপুৰৰ অৱসৰপ্ৰাপ্ত প্রযুক্তিবিদ প্রকাশ ছালামেই দাবী কৰিছে যে হৰপ্পাৰ লিপিৰ স’তে গোণ্ডী ভাষাৰ সম্পর্ক আছে। উল্লেখ্য যে হৰপ্পাৰ লেখাৰ পাঠোদ্ধাৰ উদ্ধাৰক লৈ ৰাজনৈতিক টনা-আঁজোৰাৰো চলি আছে।

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টালিনে এবাৰ ঘোষণা কৰে যে হৰপ্পাৰ পাঠোদ্বাৰ কৰা ব্যক্তিক ১০ লক্ষ ডলাৰ অৰ্থাৎ আঠ কোটি টকা পুৰস্কাৰ তেওঁ প্ৰদান কৰিব। তেওঁৰ এই পুৰস্কাৰ ঘোষণাৰ উদ্দেশ্য হ’ল যদি হৰপ্পাৰ লিপিৰ স’তে দক্ষিণৰ দ্রাবিড় ভাষাৰ স’তে কোনো মিল উদ্ধাৰ হয় তেতিয়া ডিএমকে ৰাজনৈতিকভাবে লাভবান হ’ব। কাৰণ তেতিয়া ভাৰতৰ প্ৰাচীনতম সভ্যতাৰ উত্তৰাধিকাৰিত্ব দাক্ষিণাত্যই দাবী কৰিব পাৰিব। হৰপ্পাৰ লিপি উদ্ধাৰৰ প্ৰতি সংঘ পৰিবাৰৰ আগ্রহো আছে।

সংঘ পৰিবাৰৰ একাংশ প্রত্নতত্ত্ববিদে দাবী কৰি আহিছে যে হৰপ্পা আৰু বৈদিক সভ্যতাৰ মানুহৰ মাজত বিশেষ পাৰ্থক্য নাছিল। নিজৰ দাবীৰ সমর্থনত এই প্রত্নতত্ত্ববিদসকলে কেতবোৰ বহু যুক্তিও দিছে। উক্ত তিনিদিনীয়া সম্মিলনত এনেবোৰ দিশো আলোচিত হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version