ধুনীয়া চন্দ্রটো হাততে পাবলৈ বাৰু কোনে নিবিচাৰে? অথচ বিচাৰিলেইতো আৰু নহ’ব! দিবই বা কোনে? অবশ্যে এইবাৰ আপোনাক এই সুযোগ দিব আমেৰিকাৰ মহাকাশ গবেষণা কেন্দ্র নাছাই। যদিও আপুনি চন্দ্রটো হাতত নাপাব; বৰঞ্চ পাব চন্দ্ৰৰ কাষলৈ যোৱাৰ সুযোগ।
অৱশ্যে সোঁশৰীৰে নহয়; বৰঞ্চ আপোনাৰ নাম থাকিব নাছাৰ চন্দ্রযান আর্টেমিছ-২৩।সেই মহাকাশ যানে ২০২৬ৰ আৰম্ভণিতেই চন্দ্রলৈ যাব। সেই যানত থাকিব চাৰিজন মহাকাশচাৰীও। অবশ্যে তেওঁলোকে চন্দ্রপৃষ্ঠত অৱতৰণ নকৰে।
যানৰ ভিতৰতে থাকিব আৰু যানখনে উৰি যাব চন্দ্ৰপৃষ্ঠৰ ওপৰেদি। তাৰ পাছত সেই যানতেই তেওঁলোক পৃথিৱীলৈ উভতি আহিব। এই অভিযানৰ প্রতি বিশেষ দৃষ্টি থাকিব ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰ’ৰো। এই অভিযানকে আর্টেমিছ ৩ অভিযানৰ ভেটি হৈ উঠিব বুলি ধাৰণা কৰা হৈছে।
আর্টেমিছ ৩ অভিযানত মহাকাশচাৰীয়ে চন্দ্রব দক্ষিণ মেকত অৱতৰণ কৰাৰ কথা। সেই অভিযানৰে দূৰৱৰ্তী লক্ষ্য হৈছে মণ্ডল অভিযান। সেয়েহে প্রাথমিকভাবে এই অভিযানৰ সফলতাই আগন্তুক দিনত বহু মাইলৰ খুঁটি নির্মাণৰ প্রেক্ষাপটেই তৈয়াৰ কৰিব।
এই ঐতিহাসিক চন্দ্র অভিযানতে চামিল হ’ব পাৰিব সাধাৰণ মানুহো। ইয়াৰ বাবে ক্লিক কৰিব লাগিব name-with-artemis/)লিংকত। তাত (https://www3.nasa.gov/send-your-প্রয়োজনীয় তথ্য দিব লাগিব। নাম আৰু পিনকোড লিখি ছাবমিট কৰিলে লগে লগে লাভকৰিব ডিজিটেল চার্টিফিকেট আৰু এই নামো সংৰক্ষিত হৈ পৰিব নাছাৰ ডেটা বেছত।
যেতিয়া সেই যানে চন্দ্ৰৰ উদ্দেশ্যে উৰা মাৰিব, তাত নির্দিষ্ট আবেদনকাৰীৰো নাম থাকিব। কিয়নো অ’ৰিয়ন নামৰ ৰকেটটোত থাকিব এখন এছডি কার্ড। তাতেই জমা হৈ থাকিব সকলো আবেদনকাৰীৰ নাম।
