জেল নেইল পলিচত কৰ্কটৰ আশংকা

nail designs pictures 2000 x 1600

gel nail polish:✒️ইউৰোপীয় সংঘই নখৰ প্ৰসাধন সামগ্ৰীৰ ক্ষেত্ৰত এক নতুন আৰু কঠোৰ নিয়ম ৰূপায়ণ কৰিছে, য’ত ইউৰোপত একপ্ৰকাৰৰ জেল নেলপলিচ নিষিদ্ধ কৰা হৈছে।

জেল নেইল পলিচত সাধাৰণতে টিপিঅ’ বুলি জনাজাত ট্রাইমিথাইলবেনজ’ইল ডাইফেনাইলফছফিন অক্সাইড ব্যৱহাৰ কৰা হয়। ইয়াক বিষাক্ত উপাদান হিচাপে গণ্য কৰা হয়।

কৰ্কট ৰোগৰ দৰে সমস্যা হ’ব পাৰে

প্রতিবেদন অনুসৰি জেল নেলপলিচৰ ব্যৱহাৰে কেন্সাৰ, প্রজনন সমস্যা আৰু প্রজনন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ২০২৫ৰ এক ছেপ্টেম্বৰৰ পৰা এই নিষেধাজ্ঞা কার্যকৰী হৈছে। এতিয়া এই তাৰিখৰ পৰা ইউৰোপীয় সংঘত টিপিঅ’ বিক্রী, আমদানি বা প্রসাধন সামগ্ৰীত ব্যৱহাৰ কৰা নহ’ব।

এই নিষেধাজ্ঞাই সমগ্ৰ ইউৰোপৰ হেজাৰ হেজাৰ নেল চেলুন, টেকনিচিয়ান আৰু সৌন্দর্য সামগ্ৰীৰ খুচুৰা বিক্রেতাক প্ৰভাৱিত কৰিব। ইউৰোপীয় সংঘই টিপিঅ’যুক্ত সামগ্ৰীৰ বিক্ৰী, বিপণন আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে নখব চেলুনসমূহক বৰ্তমানৰ মজুত জেল নেলপলিচ ধ্বংস কৰিবলৈ নির্দেশ দিছে।

সংস্থাটোবে টিপিঅ’মুক্ত বিকল্প নখৰ প্ৰসাধন ব্যৱহাৰৰ আহ্বান জনাইছে। টিপিঅ’ক সম্ভাব্যভাবে কার্টিনোজেনিক আৰু প্ৰজননৰ বাবে বিষাক্ত বুলি গণ্য কৰা হয় আৰু ইয়াৰ উপৰি ইউভিৰ সংস্পর্শ, এলাৰ্জিৰ প্রতিক্রিয়া আৰু সম্ভাব্য সংক্ৰমণৰ আশংকাও থাকে।

কিন্তু ইউৰোপীয় দেশসমূহে অন্যান্য বিভিন্ন খাদ্য সংযোজক আৰু ৰাসায়নিক উপাদান নিষিদ্ধ কৰাৰ ব্যৱস্থাৰ দৰেই আমেৰিকাই এতিয়াও টিপিঅ’ নিয়ন্ত্ৰণ কৰা নাই।

Exit mobile version