বিস্ফোৰণৰ ভাবুকি দি দিল্লী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ ইমেইল! লিখি পঠালে পৰৱৰ্তী ‘লক্ষ্য’ৰ নাম

1757665181 delhi high court

Delhi Bomb Threat:✒️এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ত বোমাৰ আতংক। শুকুৰবাৰে পুৱা দিল্লী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষৰ পৰা ভাবুকিপূৰ্ণ ইমেইল আহিছিল। ইমেইলটোত দাবী কৰা হৈছে যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ চেম্বাৰত বিস্ফোৰণ সংঘটিত হ’ব।

অৱশ্যে প্ৰেৰকজনে এই বিস্ফোৰণ তেওঁলোকৰ মূল উদ্দেশ্য নহয় বুলিও দাবী কৰে।তেওঁলোকৰ উদ্দেশ্য বেলেগ।

এই ভাবুকি বাৰ্তা পোৱাৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ৰ সকলো বিচাৰপীঠৰ শুনানি বন্ধ কৰি দিয়া হয়।খালি কৰি দিয়া হয় উচ্চ ন্যায়ালয়ৰ চৌহদ ।

এই তথ্য লাভৰ পাছতে উচ্চ ন্যায়ালয়ত উপস্থিত হয় আৰক্ষী আৰু বোমা স্কোয়াড । আদালত চৌহদৰ ভিতৰত আৰু আশে-পাশে বিভিন্ন ঠাইত তালাচী আৰম্ভ হয়। যদিও শুকুৰবাৰে বিয়লিলৈকে আৰক্ষীয়ে কোনো সন্দেহজনক কথা লক্ষ্য কৰা নাছিল, তথাপিও দিল্লী আৰক্ষীয়ে এই ভাবুকিক এতিয়াৰ বাবে প্ৰৱঞ্চনা বুলি ক’বলৈ অনিচ্ছুক।

জানিব পৰা মতে, ‘কানিমোঝি থেবিদ্যা’ নামৰ ইমেইল আইডিৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ ভাবুকিমূলক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। ইয়াত স্পষ্টকৈ লিখা আছিল যে “অতি সোনকালে বিচাৰক কক্ষত বিস্ফোৰণ হ’ব।”

অৱশ্যে এই বিস্ফোৰণ মাথোঁ এটা ‘ট্ৰেইলাৰ’; কেইদিনমানৰ পাছত তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনৰ পুত্ৰ ইনভানিধিক এচিডেৰে আক্ৰমণ কৰা হ’ব।

উদয়নিধিৰ পুত্ৰক কিয় আক্ৰমণ কৰা হ’ব সেই কথাও বুজাই দিয়ে ইমেইল প্ৰেৰকজনে। তেওঁৰ মূল কথা আছিল যে ৰাহুল গান্ধী আৰু উদয়নিধিৰ দৰে নেতাই বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৰ্থ হৈছে।

ইমেইলটোত আৰু দাবী কৰা হৈছে যে, “ধৰ্মনিৰপেক্ষ নেতাসকলৰ বিকাশৰ প্ৰয়োজন, আৰু তাৰ বাবে কিছুমান মানুহক নিৰ্মূল কৰা হ’ব।” ইয়াৰ উপৰিও কোৱা হৈছে যে, “আমি ড° এজিলান নাগানাথনক ডি এম কেৰ দায়িত্ব ল’বলৈ প্ৰস্তাৱ দিছো। এই সপ্তাহতে ইনভানিধিৰ ওপৰত এচিড নিক্ষেপ কৰা হ’ব।”

ইমেইলটোত এই ভাবুকি মিছা নহয় বুলি প্ৰমাণ কৰিবলৈ আৰ্হি হিচাপে দিল্লী উচ্চ ন্যায়ালয়ত বোমা আক্ৰমণ চলোৱা হ’ব বুলিও উল্লেখ কৰা হৈছে।

Exit mobile version