Akhil Gogoi:
ৰাইজৰ দলে অহা বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে ৩৬টা বিধান সভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ সাজু ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ ৰাইজৰ দলে বিচাৰিছিল,বিচাৰে আৰু বিচাৰিব ৷ কিন্তু সেই মিত্ৰতা হ’ব লাগিব সন্মানজনক ৷ তেজপুৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত ৰাইজৰ দলৰ জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ ৷ ৰাইজৰ দলে কংগ্ৰেছৰ পৰা বিচাৰিছে কেৱল সন্মান সন্মান আৰু সন্মান ৷ বিগ বছ তথা বিগ ব্ৰাদাৰৰ কনচেপ্ট ৰাইজৰ দলৰ লগত নচলিব ৷ আসনৰ বুজাপৰা সন্মানজনক হব লাগিব ৷ মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ বডী লেংগুৱেজ সন্তোষজনক নহয়।
SIT ৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গাম্ভীৰ্যতাৰে গ্ৰহণ কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়- ৰাজ্যৰ আটাইতকৈ চঞ্চল,ভৰিত চকা লাগি থকা,টুলুঙা মন্তব্য কৰা,গাম্ভীৰ্যতা নথকা মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা।






























