Raijar Dal:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰমাহ থকা অৱস্থাত কংগ্ৰেছৰ নেতৃত্বত ৰাইজৰ দল অজাপ আৰু বাওঁ দল সমূহক লৈ বিজেপি বিৰোধী মিত্ৰজোঁট গঠনেৰে বিজেপিক ৰুধিবলৈ ব্যাপক কুজকাৱাজ আৰম্ভ কৰা হৈছিল যদিও শেহতীয়াকৈ সেই মিত্ৰজোঁট মৰহি যোৱাৰ উপক্ৰম হৈছে ৷ ব্ৰিগ বাডাৰ কংগ্ৰেছে আসন ভাগ বাটোৱাৰাৰ ক্ষেত্ৰত ৰাইজৰ দল অজাপ আৰু বাওঁ দলৰ লগতে এই পৰ্যন্ত কোনো ইতিবাচক পদক্ষেপ নোলোৱাত এক প্ৰকাৰ ক্ষুন্ন হৈ পৰিছে ৰাইজৰ দল ,অজাপ ৷ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডেট লাইন দি দি অৱশেষত ভাগৰি পৰি একপ্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। বিচৰা ধৰণে আসন নাপালে একলা চল নীতি গ্ৰহণৰ হুংকাৰ দিয়ে।
আনহাতে এনে ঘটনা ক্ৰমৰ মাজতে শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ নিৰ্বাচন সম্পৰ্কীয় জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ সদ্য ৰাইজৰ দলৰ যোগদান কৰা দুই বিধায়ক শ্বেৰমান আলী ,আব্দুল ৰছিদ মণ্ডলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত কংগ্ৰেছৰ স’তে মিত্ৰতা সন্দৰ্ভত পুনৰ খৰচি মাৰি আলোচনা হয় ৷
অখিল গগৈয়ে বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত উল্লেখ কৰে যে কংগ্ৰেছে আমি বিচৰা ১৫ টা চিটৰ মাত্র ৪টাহে দিছে। আমাৰ এটাও কথা শুনা নাই কংগ্রেছ দলে। আমাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছে। উজনিৰ আসনত আমাক বাধা দি থাকিলে সমস্যা হ’ব।উজনিত আমাক নিদিলে দিগদাৰ হ’ব।সমীক্ষাত আমি আগুৱাই আছো। ১০০ শতাংশই নিশ্চিত জয় হ’ব পৰা প্ৰাৰ্থী আমাৰ হাতত আছে। আমাক জিকিব পৰা আসন দিয়ক, আমি চৰকাৰ গঠনত অৱদান আগবঢ়াব বিচাৰো।
এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ আকোৰগোঁজ নীতিয়ে যিকোনো মুহূৰ্ততে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ দিশে ৰাইজৰ দল বুলি এক ইংগিত দিলে শিৱসাগৰৰ বিধায়কজনে ৷



































