হিমাচলত পুনৰ ডাৱৰ বিস্ফোৰণ

1757749355 himachal

Himachal Pradesh:✒️হিমাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ।শনিবাৰে পুৱা ৰাজ্যখনৰ বিলাসপুৰ জিলাত অতি কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হয়।

ধ্বংসাৱশেষৰ তলত পোত যায় বহুখন ৰখাই থোৱা গাড়ী । কৃষিভূমিৰ ওপৰত বোকা খহনীয়াৰ সৃষ্টি হয়।

যদিও এই দুৰ্যোগত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই, তথাপিও ব্যাপক ক্ষয়-ক্ষতিৰ সম্ভাৱনা আছে।

সংবাদ সংস্থা পিটিআইয়ে স্থানীয় ৰাইজৰ উদ্ধৃতিৰে জনোৱা মতে, প্ৰচণ্ড বৰষুণৰ পাছত প্ৰৱল সোঁতে পথ আৰু ঘৰৰ কিছু অংশ ধ্বংস কৰে।

ইয়াৰ পূৰ্বে বতৰ বিজ্ঞান বিভাগে হিমাচলৰ কেবাখনো জিলাত শনি আৰু দেওবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী দিছিল। বৰষুণৰ বাবে শুকুৰবাৰে নিশা আটৰী-লেহ ৰাষ্ট্ৰীয় ঘাইপথ আৰু অমৃতসৰ-ভোটা পথকে ধৰি হিমাচলৰ মাজেৰে পাৰ হৈ যোৱা তিনিটা পথ বন্ধ হৈ পৰে।

এই বতৰত হিমাচল প্ৰদেশৰ বৃহৎ অংশ বাৰে বাৰে ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ২০ জুনৰ পৰা ১২ ছেপ্টেম্বৰলৈ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২১৮ জন লোকৰ মৃত্যু হৈছে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এইবাৰৰ বাৰিষাৰ বৰষুণ হিমাচল প্ৰদেশত স্বাভাৱিকতকৈ ৪৩ শতাংশ বেছি হৈছে। উত্তৰাখণ্ড চৰকাৰৰ লোকচান হৈছে ৪৪৬৫ কোটি টকা।

Exit mobile version