ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত আভুৱা ভাঁৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত কালি কঁপি উঠে মৰাণ। বিগত কিছুদিন ধৰি এই ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠনে ৰাজপথ উত্তাল কৰি অহাৰ সময়তে সন্ধিয়া তাই আহোম যুৱ পৰিষদ (টাইপা)-এ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ স্বীকৃতি প্ৰদান কৰাৰ দাবীত মৰাণত এক জোঁৰ সমদল কাৰ্যসূচীৰ আয়োজন কৰে।
এই উদ্দেশ্যে প্ৰতিবাদকাৰীসকল সমৱেত হোৱাৰ সময়তে জোঁৰ জ্বলোৱাত বাধা প্ৰদান কৰে মৰাণ আৰু মৰাণহাট আৰক্ষীয়ে। তেতিয়া প্রতিবাদকাৰীসকলে ম’বাইল ফোনৰ ‘ফ্লাছ’ৰ পোহৰ পেলাই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল উলিয়াই পৰিৱেশ উত্তাল কৰে।
ঘাইপথ স্তব্ধ কৰি শ শ প্ৰতিবাদকাৰীয়ে ‘বিজেপি গ’ বেক’, ‘নৰেন্দ্ৰ মোদী গ’ বেক’, ‘আমাক জনজাতিকৰণ লাগিবই’ ধ্বনি দিয়ে।
প্ৰতিবাদকাৰীসকলে আহোম লেণ্ড প্রদানৰো দাবী উত্থাপন কৰে। আনহাতে, এই কার্যসূচীত নেতৃত্ব প্রদান কৰা টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে সাংবাদিকৰ আগত কয়, ‘আমাৰ মৰাণৰ ৰাজপথৰ পৰাই স্পষ্ট ভাষাৰে প্ৰশ্ন কৰিছো যে অসম চৰকাৰ আৰু দিল্লীত থকা মিছলীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে তাই আহোম জনগোষ্ঠীক কিমানদিনলৈ প্ৰতাৰণা কৰি থাকিব? ২০১৪ত প্রধানমন্ত্রী মোদীয়ে ছমাহৰ ভিতৰত জনজাতিকৰণৰ আশ্বাস দিছিল যদিও আজিও প্রতিশ্রুতি পূৰণ নকৰিলে। এই মিছলীয়া প্রধানমন্ত্রী আকৌ অসম ভ্রমণলৈ আহিব। আমি আজি মিছলীয়া প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো।’
মিছলীয়াৰ কথাত আৰু আহোম জনগোষ্ঠী ভোল নাযায় বুলিও টাইপা নেতাজনে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি তাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, তেন্তে অসমত যি ২৫ টা আহোম জনগোষ্ঠী অধ্যুষিত সমষ্টি আছে সেই সমষ্টিসমূহত পৰাজয়বৰণ কৰিবলৈ বিজেপি সাজু থাকক।’
বিজেপি চৰকাৰ জনজাতিকৰণৰ বিৰোধী নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি তেওঁ লগতে কয়, ‘মুখ্যমন্ত্রীয়ে যি কথা কৈছে সেয়া হাস্যকৰ। অসমবাসীৰ আগত এনে কথা ক’লে হাঁহিয়াতৰ পাত্ৰ হ’ব। আমি এই বিজেপি চৰকাৰ, অসমৰ মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছো। এইখন ফেচিবাদী চৰকাৰে আমাৰ জোঁৰ সমদলত বাধা দিছে। জোঁৰসমূহ জব্দ কৰিছে। এই কাণ্ডক আমি গৰিহণা দিছো।’






























