PM Modi Manipur And Mizoram Visit: মণিপুৰত সকলো সংগঠনক ‘শান্তিৰ পথলৈ আহিবলৈ’ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

মিজোৰামত বহু আকাংক্ষিত বৈৰাবি-ছৈৰাং ৰেল লাইন মুকলি

m3

PM Modi Manipur And Mizoram Visit:

দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ- পুব লৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত হয় ৰাষ্ট্ৰপতি শাসন কবলিত মণিপুৰত ৷ এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে চুৰাচান্দপুৰত কয় মণিপুৰৰ ভূমি সাহস আৰু দৃঢ়তাৰ ভূমি। ইয়াৰ পৰ্বতমালাবোৰ প্ৰকৃতিৰ অমূল্য উপহাৰ বুলি মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে চুৰাচান্দপুৰ জিলাৰ পৰা ৰাজ্য খনৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰায় ৭,৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পসমূহৰ ভিতৰত মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়নৰ বাবে ৩,৬৪৭ কোটি টকা আৰু ৫৫০ কোটি টকাৰ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প আছে ৷ একেদৰে ১৪২ কোটি টকাৰ ৯টা কৰ্মৰত মহিলা হোষ্টেলৰ আধাৰ শিলা স্থাপন আৰু ১০৫ কোটি টকা ব্যয় সাপেক্ষ ছুপাৰ-স্পেচিয়েলিটি আৰু স্বাস্থ্যসেৱাৰ সুবিধাযুক্তি এখন অত্যাধুনিক হাস্পতালৰো আধাৰশিলা স্থাপন কৰে।

তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে পোলো গ্ৰাউণ্ড আৰু ইয়াৰ আন্তগাঁঠনি উন্নয়নৰ বাবে ৩০ কোটি টকাৰ প্ৰকল্প স্থাপন কৰে ৷লগতে ৰাজ্য খনৰ ১৬খন জিলাৰ আটাইকেইখনতে ১৩৪ কোটি টকা ব্যয় সাপেক্ষ ১২০খন বিদ্যালয়ৰ আন্তগাঁঠনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ গ্ৰাম্য সংযোগ, শিক্ষা আৰু পৰ্যটনৰ সৈতে জড়িত ১০২ কোটি টকা প্ৰকল্পৰ সমান্তৰালভাৱেইম্ফলৰ খুমান লম্পক স্প’ৰ্টছ কমপ্লেক্সত ৩৬ কোটি টকাৰ বহুমুখী ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ, আৰু টেংগন’পাল অংশত ১০২ এ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণৰ কামো ৫০২ কোটি টকাৰ কে’বাটাও প্ৰকল্পৰো আধাৰশিলা কৰে ৷ এই সকলোবোৰ অনুষ্ঠানত উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা ,প্ৰাক্তন মুখ্যমন্ত্ৰী এন বিৰেন সিং সহ জ্যেষ্ঠ আমোল বৰ্গ ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী গৰাকী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে মিজোৰামত ৯ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা ভাৰ্চুৱেলি কৰে আইজলৰ সমীপৰ লেংপুই বিমানবন্দৰ চৌহদৰ পৰা ৷ কিয়নো প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত থাকিবলগীয়া আইজলৰ লামুৱাল খেলপথাৰৰ জনসভাত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকিব নোৱাৰিলে ৷যাৰবাবে বিমানবন্দৰ চৌহদৰ পৰা ভাৰ্চুৱেলি ৰাইজক সম্বোধন কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বহু আকাংক্ষিত বৈৰাবি-ছৈৰাং ৰেল লাইন মুকলি কৰি ভাষণ প্ৰসংগত কয়,দেশৰ ৰে’ল মাত্ৰচিত্ৰ স’তে সংযোগ স্থাপিত হ’ল ৰাজ্যখনৰ ৰাজধানী আইজল ৷ এতিয়াৰ পৰা দেশৰ প্ৰধান প্ৰধান মহানগৰসমূহৰ সৈতে সংযোগ স্থাপন হোৱাৰ বাবে আজি এই দিনটো মিজোৰামৰ বাবে এক ঐতিহাসিক দিন বুলি কয়। কেন্দ্ৰীয় চৰকাৰ সদায় মিজোৰামৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ ৷ অনুষ্ঠানত উপস্থিত থাকে মিজোৰামৰ ৰাজ্যপাল অৱসৰ প্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিং,আৰু মুখ্যমন্ত্ৰী লালডুহোমা সহ ৰাজ্যৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবৰ্গ ৷

Exit mobile version