স্কুল ছুটিৰ পাছত ড্ৰাগছৰ কাৰখানালৈ পৰিণত শ্ৰেণীকোঠাটো ! হায়দৰাবাদত তিনিজনক গ্ৰেপ্তাৰ

1757833500 drug

Drug Racket :✒️ বিদ্যালয় আৰু সন্ধিয়া হ’লে পৰিণত হয় ড্ৰাগছ নিৰ্মাণৰ কাৰখানালৈ । হায়দৰাবাদত এনে এখন বিদ্যালয়ৰ সন্ধান পালে আৰক্ষীয়ে। আচৰিত বিষয় এইটো যে, বিদ্যালয়খনৰ অধ্যক্ষই নিজেই চলাইছিল এই ৰমৰমীয়া বেহা।আৰু ড্ৰাগছ ব্যৱসায়ী কেন্দ্ৰ হৈ পৰিল বিদ্যালয়খন ।

স্কুলৰ পাছত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী যোৱাৰ পাছতে সলনি হৈ পৰে বিদ্যালয়ৰ পৰিবেশ। শ্ৰেণীকোঠা বন্ধ কৰি তৈয়াৰ কৰা হয় ড্ৰাগছ।

আৰক্ষীয়ে জনোৱা মতে, বিদ্যালয়ৰ অধ্যক্ষ মালেলা জয়প্ৰকাশ গৌড়াকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিদ্যালয়খনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ প্ৰস্তুতৰ সামগ্ৰী, ২১ লাখ টকাৰ নগদ ধন আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে।

তেলেংগানা আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদৰ এখন বিদ্যালয়ত ড্ৰাগছৰ ব্যৱসায় চলি থকা বুলি গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰিছে।

সেই তথ্য লাভ কৰাৰ পাছত বিষয়াসকলে চোৰাংচোৱাগিৰি চলাই আছিল। ইয়াৰ পাছতে বিদ্যালয়খনৰ সন্ধান পোৱা যায়।

এজন তদন্তকাৰী বিষয়াই কয় যে, বিদ্যালয়খনত এনে ব্যৱস্থা কৰা হৈছিল যে,বিদ্যালয়খনত প্ৰৱেশ কৰাৰ পাছটো তাত ড্ৰাগছ প্ৰস্তুত কৰা হৈছে বুলি স্পষ্ট হোৱা নাছিল।

আৰক্ষীয়ে জনোৱা মতে, বিদ্যালয়খনৰ পৰা ২১ লাখ টকা নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ, ৰাসায়নিক পদাৰ্থ, আৰু ড্ৰাগছ প্ৰস্তুতৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। স্কুলৰ অধ্যক্ষই এই ব্যৱসায় চলাই আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰি এই ড্ৰাগছসমূহ ক’ত সৰবৰাহ কৰা হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে।

Exit mobile version