ৰূপহীহাটৰ লাওখোৱাৰ বনগাঁৱত চাঞ্চল্যকৰ ঘটনা
ADVERTISEMENT
পুখুৰীৰ পাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহ।
পুৱাৰ ভাগত মৃতদেহটো পুখুৰী পাৰত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰাৰ লগতে চিনাক্ত কৰে মৃতদেহটো।
উদ্ধাৰ হোৱা মৃতদেহটো নিজ লাওখোৱাৰ বিটু মণ্ডল বুলি জানিব পৰা গৈছে।
পুৱাৰ ভাগতে মৃত যুৱক জনক স্বপন বিশ্বাস নামৰ আন এজন ব্যক্তিৰ স’তে দেখা পাইছিল স্থানীয় লোকে।
ঘটনাৰ সন্দেহত আৰক্ষীয়ে স্বপন বিশ্বাসক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে
আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।






























