বন্ধুৰ জন্মদিনৰ পাৰ্টিলৈ যোৱাই হ’ল কাল!

kill

বন্ধুৰ জন্মদিনৰ পাৰ্টিলৈ যোৱাৰ ‘অপৰাধ’ৰ বাবেই স্বামীয়ে গুলীয়াই হত্যা কৰিলে পত্নীক! চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।

অভিযোগ অনুসৰি, ফেচবুকৰ পৰা স্বামীয়ে গম পাইছিল যে তেওঁৰ পত্নী বন্ধুৰ জন্মদিনৰ পাৰ্টিলৈ গৈছিল।ইয়াৰ পাছতে স্বামীয়ে ৰাস্তাতে পত্নীক গুলীয়াই হত্যা কৰে। পত্নীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব পৰা নাযায়।

আৰক্ষী সূত্ৰই জনোৱা মতে, মৃত যুৱতীগৰাকীৰ নাম নন্দিনী পৰিহাৰ। দুবছৰমান আগতে অৰবিন্দ পৰিহাৰৰ লগত তেওঁ বিয়া হৈছিল।

Exit mobile version