বিজ্ঞানীয়ে বুঢ়া এন্দুৰক ডেকা কৰি তুলিলে, মানুহে অমৰত্ব লাভ কৰিবনে?

images 11 1

মানুহে বার্ধক্য জয় কৰি যৌৱনলৈ ঘূৰি অহাৰ সপোন দেখে। এইবাৰ বিজ্ঞানীসকলে সেই সপোন বাস্তৱত পৰিণত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ লৈছে। প্ৰথমবাৰৰ বাবে কোষটো অক্ষত অৱস্থাত ৰাখি জৈৱিক ঘড়ীটো পাছলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে।

আংশিক কোষীয় পুনৰ প্রগ্রেমিং’ নামৰ এই যুগান্তকাৰী পদ্ধতিয়ে পুৰণি কোষবোৰ যুৱক-যুৱতীলৈ ঘূৰাই অনাটো সম্ভৱ কৰি তুলিছে। ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক নতুন দিগন্ত মুকলি কৰা হৈছে বুলি বিশেষজ্ঞসকলে কয়।

এই পদ্ধতিৰ মূলতে ‘য়ামানকা ফ্যাক্টৰ’ নামেৰে জনাজাত চাৰিটা প্ৰ’টিন থাকে। এই প্ৰ’টিন বা কাৰকবোৰে কোষৰ ওপৰত এনেদৰে ক্ৰিয়া কৰে যে কোষটোৱে বয়স বৃদ্ধিৰ লেখ-জোখ মচি পুনৰ ডেকা অৱস্থালৈ ঘূৰি আহে। বৃদ্ধ এন্দুৰৰ বয়স বৃদ্ধি আৰু গ্ল’ক’মাৰ ফলত হোৱা দৃষ্টিশক্তি ক্ষয় ৰোধ কৰাত বিজ্ঞানী সফল হৈছে।

আংশিক প্রগ্রেমিং পদ্ধতি ব্যৱহাৰ কৰি এন্দুৰৰ চকুৰ ক্ষতিগ্রস্ত ৰেটিনা কোষবোৰে পুনৰ যৌৱন লাভ কৰিছিল আৰু মগজুলৈ সংকেত প্ৰেৰণ কৰাৰ ক্ষমতা লাভকৰিছিল। ফলত প্রায় অন্ধ এন্দুৰৰ দৃষ্টিশক্তি প্রায় পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিল।

বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো বৃদ্ধ জন্তুৱে পুনৰ দৃষ্টিশক্তি লাভ কৰিছে, যিয়ে প্ৰমাণ কৰে যে কোষৰ পৰিচয় মচি নোযোৱাকৈ নিজৰ ‘এপিজেনেটিক ঘড়ী’ বা বয়সৰ ঘড়ীটো পাছলৈ ঘূৰাই অনাটো সম্ভৱ।

Exit mobile version