লক্ষ্য ২০৪৭, ছয় ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্য নিৰ্ধাৰণ যোগীৰ 

WhatsApp Image 2025 09 15 at 14.10.49

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে ২০৪৭ চনৰ ভিতৰত ‘উন্নত উত্তৰ প্ৰদেশ – শক্তিশালী উত্তৰ প্ৰদেশ’ৰ সপোন পূৰণৰ বাবে গঠনমূলক কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰিছে।

এই কাৰ্য্য পৰিকল্পনা সামগ্ৰিক উন্নয়ন, অৰ্থনৈতিক নেতৃত্ব, আৰু সাংস্কৃতিক নৱজাগৰণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

উত্তৰ প্ৰদেশে ২০৩০ চনৰ ভিতৰত এক ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু ২০৪৭ চনৰ ভিতৰত ছয় ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি লাভ কৰাৰ লক্ষ্য ৰাখিছে।

এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি, সেউজ শক্তি আৰু কৃষি প্ৰযুক্তিৰ দৰে ভৱিষ্যতমুখী উদ্যোগসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ উপৰিও কৃষি, তথ্য-প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, উদ্যোগ, পৰ্যটনকে ধৰি ১২টা গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে সুকীয়া ৰূপৰেখা প্ৰস্তুত কৰিছে।

২০১৭ চনত যোগী আদিত্যনাথ ক্ষমতালৈ অহাৰ পাছত উত্তৰ প্ৰদেশৰ ব্যাপক উন্নয়নৰ সাক্ষী হৈ পৰে। ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহে। বিনিয়োগকাৰীৰ আস্থা ঘূৰি আহিবলৈ ধৰিলে।

২০২৩ চনৰ ইউ পি গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটত ৪৫ লাখ কোটি টকাৰো অধিক মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছিল।

এতিয়া ৰাজ্য চৰকাৰে নয়ডা আৰু লক্ষ্ণৌৰ দৰে চহৰক বিশ্বমানৰ কোম্পানীসমূহৰ বাবে গ্ল’বেল কেপেবিলিটি চেণ্টাৰ (জিচিচি) হাব হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী।

যোগী চৰকাৰৰ পৰিকল্পনা অনুসৰি জিচিচি আৰু আইটি হাবসমূহে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। একে সময়তে নবীকৰণযোগ্য স্মাৰ্ট চিটি আৰু চাপ্লাই চেইন উন্নয়নে নিবনুৱা যুৱক-যুৱতীসকলক বহু চাকৰিৰ সুযোগ প্ৰদান কৰিব।

Exit mobile version