ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (ইউনেস্ক’)ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত নগালেণ্ড আৰু মেঘালয়ৰ দুটা স্থানসহ দেশৰ সাতটা স্থান অন্তর্ভুক্ত হৈছে। ‘ইণ্ডিয়া এট ইউনেস্ক’-য়ে অলপতে ঘোষণা কৰা অনুসৰি সংস্থাটোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত স্থান লাভ কৰা উত্তৰ-পূবৰ এই দুই ঠাই হ’ল মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ এজ কেভছ আৰু নগালেণ্ডৰ কিপহিৰেৰ নগা হিল অফিঅ’লাইট।
তালিকাখনত অন্তর্ভুক্ত দেশৰ আন পাঁচটা স্থান হ’ল মহাৰাষ্ট্ৰৰ পঞ্চগণি আৰু মহাবালেশ্বৰৰ ডেকান ট্রেপ, কৰ্ণাটকৰ উদুপিৰ জিঅ’লজিকেল হেৰিডেট অর ছেইন্ট মেৰী, অন্ধ্র প্রদেশৰ বিশাখাপট্টনমৰ নেচনেল হেৰিটেজ অৱ এৰা মাট্টি দিব্বালু, অন্ধ্র প্রদেশৰ তিৰুপতিৰ তিৰুমালা পাহাৰ ৰাষ্ট্ৰীয় ঐতিহ্য আৰু কেৰালাৰ ভাৰকালাৰ ৰাষ্ট্ৰীয় ঐতিহ্য।
এই কথা ঘোষণা কৰি ইউনেস্ক’ৰ ভাৰতীয় প্রতিনিধিয়ে জনায় যে এই নতুন সাতটা নাম সংযোজন কৰাৰ লগে লগে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত অন্তর্ভুক্ত স্থানৰ সংখ্যা ৬৯৯ টালৈ টালৈ বৃদ্ধি পাইছে।
এই তালিকাই এটা কথা প্রতিপন্ন কৰিছে যে ঐতিহ্য ধৰি ৰখা তথা সংৰক্ষণত ভাৰত অত্যন্ত যত্নবান। ইয়াৰ বাবে ভাৰত প্রশংসিত হৈছে।






























