পুনৰ ধাৰাসাৰ বৰষুণত বিধ্বস্ত মুম্বাই। ইয়াৰ মাজতে আজি পুনৰ স্তব্ধ হ’ল মনোৰেল। প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা সাত বাজি ৪৫ বজাত ৱাডালা অভিমুখে গৈ থকা অৱস্থাত মাজ বাটত থমকিল মনোৰেলখন।
বহু চেষ্টাৰ পাছতো ইয়াক পুনৰ আৰম্ভ কৰিব পৰা নগ’ল।ৱাডালাৰ এণ্টপ হিল বাছ ডিপো আৰু জিটিবিএন মনোৰেল ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ঘটনা।
প্ৰায় ৪৫ মিনিটতকৈ অধিক সময় আবদ্ধ হৈ আছিল যাত্ৰীসকল। পাছত তেওঁলোকক নমাই আন এটা ৰেকত গন্তব্যস্থান পোৱাৰ ব্যৱস্থা কৰা হ’ল।
মুম্বাই মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই কাৰিকৰী ত্ৰুটিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। ৰেকখনত থকা ১৭ জন যাত্ৰীক নিৰাপদে নমাই দিয়া হয়।
মুম্বাইৰ ১৭৫ নং ৱাৰ্ডৰ কাউন্সিলাৰ ৰাজেশ মনোৰেল বিচ্ছিন্ন হোৱাৰ খবৰ পাই সেই স্থানত উপস্থিত হয়। তেওঁ দাবী কৰে যে বিদ্যুৎ যোগানৰ সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে।
মন কৰিবলগীয়া যে ১৯ আগষ্টৰ সন্ধিয়া প্ৰচণ্ড বৰষুণৰ সময়ত এই ধৰণেৰে স্থবিৰ হৈ পৰে মনোৰেলখন। বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে প্ৰায় দুঘণ্টা ধৰি আবদ্ধ হৈ পৰে ৰেল। সেই সময়ছোৱাত ৰেলৰ ভিতৰত প্ৰায় শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেই মনোৰেলখনত ৫৮২ জন যাত্ৰী আছিল।






























