Burapahar:কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন

পথত বাগৰি পৰিছে ইজোপাৰ পাছত সিজোঁপা প্ৰকাণ্ড গছ

kali1

Burapahar:

আপুনি যদি কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে উজনিলৈ আহযাহ কৰে ৷ তেন্তে সাৱধান হওক৷ কিয়নো যিকোনো মুহূৰ্ততে আপুনি সন্মুখীন হ’ব পাৰে বিপদৰ।

কিয়নো যোৱাকালিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কলিয়াবৰৰ বুঢ়া পাহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা পাহাৰ সমূহৰ মাটি ঢিলা হৈ পৰাৰ ফলত আজি পথছোৱাৰ কে’বা ঠাইতো ইজোপাৰ পাছত সিজোঁপা প্ৰকাণ্ড গছ বাগৰি পৰে পথত ৷বহু সময় ধৰি যাতায়াত ব্যাহত হৈ পৰে ৷ অৱশ্যে গছ উফালি পৰাত কোনো লোক বা যানবাহনৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। কলিয়াবৰ প্ৰশাসন আৰু বন বিভাগৰ কৰ্মীয়ে যুদ্ধকালীন তৎপৰতাৰে গছ সমূহ কাটি ৰাষ্ট্ৰীয় ঘাইপথছোৱা যাতায়তৰ বাবে মুকলি কৰি দিয়ে ৷

আনহাতে কলিয়াবৰ সম জিলা প্ৰশাসনে বুঢ়া পাহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আহযাহ কৰা যানবাহন সমূহক যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷

Exit mobile version